১৯৪৯ চনত আৰম্ভ হোৱা বেডমিণ্টনৰ থমাছ কাপ প্রতিযোগিতা প্রথমবাৰৰ বাবে দখল ভাৰতৰ। ৰূপালী ৰঙৰ ট্রফীৰ গাত এইবাৰ খোদিত হ’ল থমাছ কাপ বিজয়ী ভাৰতীয় দলৰ নাম। দেওবাৰে জয়ৰ লক্ষ্যৰেই নামিছিল শ্রীকান্ত বাহিনী। আৰু শেষ মুহূৰ্তত সেইটোৱেই কৰি দেখুৱালে।
১৪ বাৰৰ থমাছ কাপৰ চেম্পিয়ন ইণ্ডোনেছিয়াক এইবাৰ পৰাস্ত কৰে ভাৰতে৷কিংবদন্তি শ্রীকান্তৰ স্মেশ শ্বটে ইণ্ডোনেছিয়াৰ জোনাথন ক্রিষ্টিৰ ৰেকেটত নালাগি বাহিৰৰ কোর্ট স্পৰ্শ কৰাৰ লগে লগেই সৃষ্টি হয় ইতিহাস। থমাছ কাপৰ ৭৩ বছৰীয়া ইতিহাসত প্রথমবাৰ ‘বেডমিণ্টনৰ বিশ্বকাপ’ জয় কৰে ভাৰতে।  ফাইনেলত ভাৰতীয় বেডমিণ্টন তাৰকাসকলে থমাছ কাপৰ সৰ্বাধিক সফল দেশ ইণ্ডোনেছিয়াক ৩-০ ব্যৱধানত পৰাস্ত কৰে। প্রথম মেচত লক্ষ্যই ৮-২১, ২১-১৭, ২১-১৬ গেমত জয়লাভ কৰে। দ্বিতীয় মেচত ডাবলছৰ যুঁজত চিৰাগ আৰু সাত্বিক ছাইৰাজে পৰাস্ত কৰে মহম্মদ এহছান আৰু সুকামুলিঅ’ৰ যুটিক।তৃতীয় মেচত এইবাৰৰ থমাছ কাপত ভাৰতৰ শ্ৰেষ্ঠ শ্বাটলাৰ শ্রীকান্তে ক্রিষ্টিক ২১-১৫, ১৫-১৮ ২৩-২১ ব্যৱধানত পৰাস্ত কৰে।