ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ দ্বিতীয় বৰ্ষৰ বিশ দিনযোৰা এক প্ৰশিক্ষণ শিবিৰ কাৰ্বি আংলং জিলাৰ ৰেংবংহম সেৱাশ্ৰমত অনুষ্ঠিত হৈ যায়। যোৱা ৯ মে’ৰ পৰা কুৰি দিনধৰি চলিবলগীয়া এই শিবিৰত উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ মুঠ ১৫৪ গৰাকী সেৱক ইতিমধ্যে উপস্থিত হৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
কালি ফুলনিৰ ৰেংবংহম সেৱাশ্ৰমত উপস্থিত হোৱা আৰ এছ এছ প্ৰধানগৰাকীয়ে অহা ১৭ মে’লৈকে সেৱাশ্ৰমৰ প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত থাকি প্ৰশিক্ষণৰ কাৰ্যসূচীত অংশ ল’ব। প্ৰশিক্ষণ শিবিৰত অংশ লোৱা প্ৰশিক্ষাৰ্থীসকলক ১৯গৰাকী প্ৰশিক্ষকে শাৰীৰিক আৰু বৌদ্ধিক শিক্ষা প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে।
অৱশ্যে, কালিয়ে আহি সেৱাশ্ৰমত উপস্থিত হোৱা আৰ এছ এছ প্ৰধানগৰাকীয়ে এতিয়ালৈকে কোনো দলীয় নেতা অথবা সংবাদ মাধ্যমৰ লোকক সাক্ষাৎ দিয়া নাই। ইয়াৰ মাজতে দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙত উপস্থিত হোৱা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি আৰ এছ এছ প্ৰধান মোহন ভাগৱতক সেৱাশ্ৰমত সাক্ষাৎ কৰে।
ৰাজ্যিক সভাপতিগৰাকীয়ে আৰ এছ এছ প্ৰধানগৰাকীৰ সৈতে এক ৰূদ্ধদ্বাৰ বৈঠকত মিলিত হয় যদিও আলোচনাৰ সবিশেষ কোনো তথ্য জানিব পৰা হোৱা নাই।