বলীউডৰ পৰা হলীউডত আত্মপ্ৰকাশ কৰা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আজিকালি প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। অলপতে, মাতৃ দিৱসত তেওঁৰ জীয়ৰী মালতী মেৰী চোপ্ৰা জোনাছক ঘৰলৈ অনা পিছত কন্যাৰ সৈতে প্ৰথমখন ফটো শ্বেয়াৰ কৰিছিল।
অনুৰাগী সকলৰ বাবে, এইটো আচৰিত হোৱাতকৈ কম নাছিল। এতিয়া প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মধু চোপ্ৰাই তেওঁৰ জীয়েক আৰু জোৱায়েকৰ মাজত থকা বয়সৰ পাৰ্থক্যৰ ওপৰত নীৰৱতা ভংগ কৰিছে। একে সময়তে, তেওঁ প্ৰিয়ংকা আৰু নিকৰ মাজৰ বুজাবুজিৰ বিষয়েও মুকলিকৈ কৈছে।
এখন আলোচনীক দিয়া এক সাক্ষাৎকাৰত তাৰকা মাতৃগৰাকীয়ে কয় যে, তেওঁৰ বাবে যিয়ে তেওঁৰ জীয়েক প্ৰিয়ংকাক সুখী ৰাখে সেইগৰাকীয়ে তেওঁৰ প্ৰিয়। মধু চোপ্ৰাই তেওঁৰ জোৱায়েকক নিকক ‘অতি মৰমলগা’ বুলিও অভিহিত কৰিছিল।
পিতৃ-মাতৃৰ সৈতে সম্পৰ্কিত বিষয়বোৰৰ বিষয়ে কথা পাতি মধু চোপ্ৰাই কয় যে, “মই প্ৰিয়ংকা আৰু তেওঁৰ ভাতৃ সিদ্ধাৰ্থ চোপ্ৰা দুয়োকে চিন্তা, কথা আৰু অভিব্যক্তিৰ অধিকাৰ দিছিলোঁ।” তেওঁ এইটোও কৈছিল যে “মোৰ ঘৰত খং আৰু গালি-গালাজ দেখুওৱাৰ অনুমতি দিয়া হোৱা নাছিল।” সেইকাৰণে তেওঁৰ ল’ৰা ছোৱালী দুটা ইমান অভিব্যক্তিপূৰ্ণ হৈ পৰিছিল।
প্ৰিয়ংকাৰ মাতৃয়ে আগলৈ কৈছিল যে, নিক জোনাছ আৰু তেওঁৰ জীয়েকৰ মাজত বয়সৰ যথেষ্ট পাৰ্থক্য আছে, কিন্তু তথাপিও তেওঁলোক দুয়োৰে বিষয়ে তেওঁৰ মনত কেতিয়াও কোনো শংকা নাছিল।
” উল্লেখ্য যে, নিক-প্ৰিয়ংকাৰ মাজত বয়সৰ পাৰ্থক্যৰ বিষয়ে ছ’চিয়েল মিডিয়াত বহুতো মিম ভাইৰেল হৈ থাকে। আনকি এটা অনুষ্ঠানতো, প্ৰিয়ংকাই নিজেই এই বিষয়ত উপহাস কৰিছিল।
কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে, প্ৰিয়ংকা চোপ্ৰাক শীঘ্ৰেই ফাৰহান আখটাৰৰ সৈতে ‘আ জী লে জাৰা’ত দেখা যাব। তেওঁৰ উপৰিও, কেটৰিনা কাইফ আৰু আলিয়া ভাটকো এই ছবিখনত দেখা যাব। তেওঁৰ বহুতো আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পও আছে।