সদ্যোজাতৰ ৰোগ প্রতিৰোধ ক্ষমতা গঢ়ি তোলাৰ বাবে মাতৃদুগ্ধৰ বিকল্প নাই। তাৰ উপৰি মাতৃ আৰু সন্তানৰ আত্মিক সংযোগ গঢ়ি উঠে এই প্রক্রিয়াৰ মাজেদিয়ে। শিশুৰ ‘প্রাইম কেয়াৰগিভাৰ’ যে মাতৃয়েই, সেই বোধ শিশুৰ ভিতৰত সৃষ্টি হয় মাতৃদুগ্ধ পানৰ মাধ্যমেৰে।
মাতৃদুগ্ধ পানৰ ক্ষেত্রত কি কি সমস্যা সাধাৰণতে মহিলাসকলৰ হৈ থাকে :
• স্তনবৃন্তক লৈ সমস্যা : বহু মহিলাৰ নিপল বা স্তনবৃন্ত চেপেটা হয়। কাৰোবাৰ নিপল আকাৰত ডাঙৰ হোৱাত শিশুই ঠিকমতে চুহিব নোৱাৰে। আকৌ কাৰোবাৰ নিপল ভিতৰলৈ সোমাই যোৱা হয়। তেওঁলোকৰ ক্ষেত্রত নিপল শিল্ড ব্যৱহাৰ কৰা হয়, যাতে শিশুই ঠিকমতে মাতৃৰ বুকুৰ গাখীৰ খাব পাৰে।
সেই ক্ষেত্রত তেওঁলোকৰ এছফিক্সিয়া বা শ্বাসৰোধ হৈ যোৱাৰ সম্ভাৱনা থাকে। মাতৃৰ স্তনবৃন্ত আৰু শিশুৰ নাক থাকিব লাগে একেটা লেভেলত। সেয়ে সতর্ক থকাৰ বাবে মাতৃসকল সেই সময়ত মোবাইলত ব্যস্ত নথকাই বাঞ্ছনীয় বুলি প্ৰকাশ কৰে চিকিৎসকসকলে। খুওৱাৰ পিছত শিশুৰ যাতে হিকতি উঠে, সেইটো চোৱাও ভীষণ জৰুৰী।
• কর্মৰতা মাতৃসকলৰ বাবে : প্ৰসৱকালীন সময়ৰ পৰা ঘূৰি আহি সদ্য কামত যোগ দিয়া মাতৃসকলে তিনি-চাৰি ঘণ্টাৰ মূৰে মূৰে চাপ দি স্তনদুগ্ধ পেলাই দিব লাগে। কাৰণ ঘৰলৈ ঘূৰি আহি তেওঁলোকে যেতিয়া পুনৰ শিশুক গাখীৰ খুৱাব, তেতিয়া গাখীৰৰ যোগান থকাটো জৰুৰী। মিল্ক ছাপ্রেছ কৰাৰ ঔষধ দিলে গাখীৰৰ পৰিমাণ বহুখিনি কমি যায়।
• হাইজিন ৰক্ষা : মাতৃদুগ্ধ পান কৰোৱাৰ পূৰ্বে আৰু পিছত মাতৃয়ে স্তন আৰু নিপল ভালদৰে পৰিষ্কা কৰি ৰাখিব লাগে। শিশুৰ শৰীৰৰ পক্ষে ক্ষতিকৰ নোহোৱা ক্রিম বা ময়শ্চাৰাইজাৰ লগালে ফটা নিপলৰ সমস্যাও কম হয়।
• ওজন কমায় : মাতৃদুগ্ধ পান কৰোৱাৰ ডাঙৰ উপকাৰিতা, ইয়াৰ ফলত মাতৃৰ ওজন বহুখিনি কমিব পাৰে। শিশুৰ মাতৃদুগ্ধ পানৰ সময়ত এটি স্তনৰ পৰা প্রায় ৫০০ কেলৰি বার্ন হয়।
• কেন্সাৰ প্রতিৰোধত : মাতৃদুগ্ধ পান কৰালে ব্রেষ্ট কেন্সাৰ আৰু অভাৰিয়ান কেন্সাৰৰ সম্ভাৱনা কমে।শৰীৰবৃত্তীয় সমস্যাৰ উপৰি প্রসৱ-পৰৱর্তী সময়ত মানসিক চাপ বাঢ়ি থাকে মাতৃসকলৰ। বহু সময়ত কিছু বিশেষ ধৰণৰ ঔষধ খোৱাৰ বাবে বা কোনো অসুস্থতাৰ বাবে মাতৃয়ে হয়তো সন্তানক স্তনপান কৰাব নোৱাৰিব পাৰে।
সেই ক্ষেত্রত অনুমান হয়, তেওঁলোক সপূর্ণ মাতৃ হ’ব নোৱাৰিলে। বিষয়টিক বিজ্ঞানমনস্কভাবে চোৱা উচিত।মডেলিং, গ্লেমাৰ ইণ্ডাষ্ট্ৰীৰ সৈতে যুক্ত মহিলাসকল ‘বডি ইমেজ’ক লৈ দুশ্চিন্তাত থাকে। এই ক্ষেত্রত ব্যক্তিগত সিদ্ধান্ত এটি প্রশ্ন। কিন্তু মাতৃদুগ্ধ পানৰ উপকাৰিতা সম্পর্কে প্রত্যেকেই অৱগত হোৱাটো জৰুৰী।
সাধাৰণতে সংক্রমিত মাতৃক (হেপাটাইটিছ বি আক্রান্ত) মাতৃদুগ্ধ পান কৰাবলৈ বাৰণ কৰা হয়। এপিলেপ্সিৰ ঔষধ যিসকলে খায় বা অন্য কোনো মুড ডিজঅর্ডাৰৰ, তেওঁলোকৰ ক্ষেত্রতো ব্রেষ্টফিড কৰোৱাটো ৰিস্কপূর্ণ। সেয়ে এই ধৰণৰ সমস্যাত চিকিৎসকৰ পৰামর্শ লোৱা জৰুৰী।
মাতৃদুগ্ধৰ পৰা শিশুৰ যদি এলার্জি হয় বা লেকটোজ ইনটলাৰেন্স হৈ থাকে, তেতিয়া চিকিৎসকৰ পৰামর্শ লোৱাটো জৰুৰী।
প্রসৱ-পৰৱর্তী সময়ত ডায়েট:
যিসকল মহিলাই মাতৃদুগ্ধ পান কৰায়, তেওঁলোকৰ ডায়েট কিন্তু এগৰাকী গৰ্ভৱতী মহিলাৰ ডায়েটৰ দৰে নহ’ব। যদি কোনো মাতৃ এই সময়ত নিৰামিষভোজী হয়, তেওঁ জিঙ্ক আৰু আয়ৰনৰ সৰবৰাহৰ বাবে ড্রাই ফ্রুইটছ, ড্রাই বিনছ, বাদাম আৰু ডেইৰী প্রডাক্ট খোৱাটো খুব জৰুৰী। শিশুৰ শৰীৰত বি ভিটামিনৰ অভাৱ নঘটিবলৈ ভিটামিন বি-১২ ছাপ্লিমেন্ট লোৱাটো জৰুৰী।
যি মাতৃৰ খোৱাত বাচ-বিচাৰ নাই, তেওঁলোকৰ ডায়েটত উচ্চ প্রটিন, ওমেগা থ্রি, ভিটামিন চি, কেলচিয়াম, জিঙ্ক আৰু মেগনেছিয়ামৰ বেলেন্স ঠিক ৰাখিব লাগিব। তাৰ উপৰি প্রছেচড ফুড, কফি, চাহ, এলকহল, চকলেট, বেছি মচলা দিয়া খাদ্য নোখোৱাই ভাল।
শিশুৰ সঠিক বয়স পর্যন্ত স্তনপান কৰোৱা যেনেদৰে জৰুৰী, তেনেদৰেই কেতিয়াবা অন্য খাদ্যত অভ্যস্ত কৰাবও লাগিব, সেইটো নিশ্চিত কৰাটো মাকৰ দায়িত্ব। কাৰণ দুই-তিনি বছৰ বয়স পর্যন্ত শিশুক মাতৃদুগ্ধ পান কৰালে মাতৃদুগ্ধৰ ওপৰত নির্ভৰশীলতা বাঢ়ি থাকে।
তেনে ক্ষেত্রত মাতৃ আৰু শিশু দুয়োৰেই সমস্যা হয়। বিশেষকৈ, দ্বিতীয় সন্তান আহিলে দুই সন্তানৰ মাজত ঈর্ষা ভাব বাঢ়ি থাকে। সেয়ে দুই বছৰ পর্যন্ত মাতৃদুগ্ধ পান কৰালে শিশুৰ বৃদ্ধিত উপকাৰ নহয়, বৰঞ্চ মাতৃৰ শৰীৰক কেলচিয়ামৰ মাত্রা কমি থাকে।
স্তন্যপান কৰোৱাৰ জৰিয়তে শিশুৰ শাৰীৰিক আৰু মানসিক সুস্থতা গঢ়ি তোলাৰ দায়িত্ব সেয়ে মাতৃসকলৰেই।