১৯৯১ চন। কণ্ডোমৰ বিজ্ঞাপনক লৈ দেশজুৰি আৰম্ভ হৈছিল হুলস্থুলীয়া কাণ্ড। অভিনেত্রী তথা মডেল পূজা বেদী আৰু মার্ক ৰবিনছনক লৈ নিৰ্মিত বিজ্ঞাপনটি চাই সমালোচনাৰ জোৱাৰ তুলিছিল দেশবাসীৰ একাংশই। সেই প্রথম কোনো বি়জ্ঞাপনত উন্মুক্ত পোছাক, বিদেশী পুৰুষ মডেলৰ সৈতে ভাৰতীয় অভিনেত্রীৰ ঘনিষ্ঠ দৃশ্য। তাকে চাই চকু কপালত উঠিছিল দেশবাসীৰ!
যেতিয়া ‘যৌনতা’ শব্দটি শুনিলেই চৌদিশে চকুৱে চকুৱে চাব পৰা অৱস্থা নাছিল, সেই সময়তে গর্ভনিৰোধকৰ প্রকাশ্য আলোচনা ভাল চকুৰে ভাৰতীয়সকলে চোৱা নাছিল। দূৰদর্শনত বিজ্ঞানপটি নিষিদ্ধ কৰি দিয়া হয়। অৱশ্যে তাৰ পিছতো কেব্ল টেলিভিছন কিছু দিন সম্প্রচাৰিত হয় বিজ্ঞাপনটি।
সম্প্রতি সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত পূজাই কয়, ‘‘ দেশত আমি কৰা কণ্ডোমৰ বিজ্ঞাপনক লৈ গৰিহণাৰ জোৱাৰ উঠিলেও মই ভাবো, সেই বি়জ্ঞাপনৰ জৰিয়তেই ভাৰতত যৌনতাৰ বিপ্লৱ আৰম্ভ হয়! সেই সময়ৰ একাধিক ব্রিটিছ পত্রিকাইও এই দাবী কৰিছিল।
দেশত উক্ত বিজ্ঞাপনটিৰ সম্প্রচাৰ বন্ধ কৰি দিলেও একাধিক পুৰস্কাৰ লাভ কৰিছিল সেইটোৱে। বিজ্ঞাপন জগতত ই দৃষ্টান্ত সৃষ্টি কৰিছিল। যৌনতাৰ বিষয়ত পথপ্রদর্শক হ’ব পাৰি মোৰ অতি ভাল লাগে।’’
পূজাই লগতে কয়, ‘‘৩০ বছৰত পৰিস্থিতিৰ বহুখিনি সলনি হৈছে। বৰ্তমান দেশবাসীয়ে যৌনতা সন্দৰ্ভত বহুখিনি মুকলিকৈ কথা পাতে। এইটো ভাল বিষয়।’’
উল্লেখ্য, পূজা বেদী হৈছে বলিউডৰ অভিনেতা কবীৰ বেদীৰ কন্যা। তেওঁৰ মাতৃ প্রতিমা বেদী আছিল এগৰাকী লোক নৃত্যশিল্পী। পিতৃ-মাতৃ দুয়োৱেই অতি খোলামেলা স্বভাৱৰ আছিল। সেই কাৰণে পূজা বেদীও ভিন্ন পৰিবেশত ডাঙৰ হৈছিল। সাক্ষাৎকাৰটোত তেওঁ আৰু কয়, ‘‘যিটো সঠিক, তাৰ পক্ষত থিয় দিয়া, সবলীকৰণ আৰু অন্যৰ অধিকাৰৰ বাবে যুঁজ কৰাটোৱেই মোৰ চৰিত্রৰ বৈশিষ্ট্য।’’