প্ৰতিদিনে দাঁত মাজাৰ দৰে জিভা পৰিষ্কাৰ কৰা দৰকাৰ। চিকিৎসকৰ পৰামর্শ লৈ দিনত দুবাৰ সঠিক নিয়মত জিভা পৰিষ্কাৰ কৰা উচিত। নহ’লে বিভিন্ন ধৰণৰ সমস্যা শৰীৰত দেখা দিব পাৰে।
আৰু সেইবোৰ বহু সংক্রমণৰ কাৰণ হৈ উঠে। ইয়াৰ ফলত হজমৰ সমস্যাৰ পৰা আৰম্ভ কৰি বহু অঙ্গৰ কাম-কাজতো ব্যাঘাত ঘটে।
দৈনিক জিভা পৰিষ্কাৰ কৰাৰ উপকাৰবোৰ কি কি চাওঁ আহক :
• প্ৰথদূষণমুক্ত শৰীৰ : নিশা টোপনিৰ সময়ত মুখৰ ভিতৰত নানা ধৰণৰ ‘টক্সিন’ বা দূষিত বস্তু জমা হয়। পুৱা জিভা পৰিষ্কাৰ কৰিলে সেইবোৰ চাফা হয়। এইবোৰ জমা হৈ থাকিলে তাৰ প্রভাব পৰে শৰীৰৰ নানা অঙ্গৰ ওপৰত। সেইবোৰ অঙ্গৰ কামত ব্যাঘাত ঘটে।
পৰিষ্কাৰ জিভা সুস্বাস্থ্যৰ লক্ষণ:
• সোৱাদ লোৱাৰ ক্ষমতা বাঢ়ে : ময়লা জমা হৈ থাকিলে জিভাৰ সোৱাদ কোষবোৰ ঢাক খাই যায়। ফলত স্বাদ লোৱাৰ ক্ষমতা কমি যায়। জিভা পৰিষ্কাৰ থাকিলে খাদ্যৰ স্বাদ বেছি পোৱা যায়।
• দাঁতৰ ক্ষয় কমে : জিভাৰ ময়লাত এক ধৰণৰ বেক্টেৰিয়া জন্মায়, যিয়ে দাঁতৰ ক্ষতি কৰে। সেয়ে দাঁতৰ ক্ষয় ৰুধিবলৈ দৈনিক জিভা পৰিষ্কাৰ কৰা উচিত।