বৈঠালাংছʼত যৌতুক কেন্দ্ৰিক ঘটনা। যৌতুক প্ৰদানত অপাৰগ হোৱাৰ বাবে নাহিল দৰা। উপস্থিত হ’ল শতাধিক নিমন্ত্ৰিত অতিথি, আত্মীয়-স্বজন। উপস্থিত নহ’ল দৰা।
ওৰে নিশা কইনা সাজত বহি থাকিল প্ৰিয়াংকা ৰবি দাস। শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ যুৱক বিট্টু দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ কথা আছিল বৈঠালাংছʼ ৰঙাগড়া গাঁৱৰ যুৱতী প্ৰিয়ংকা ৰবিদাসৰ ।
কিন্তু বিয়াৰ আগদিনা যৌতুক দাবী কৰে বিট্টু দাসে । সোমবাৰে সম্পন্ন হোৱাৰ কথা আছিল বিবাহ । কিন্তু দৰা নহাৰ বাবে সম্পন্ন নহ’ল বিবাহ । ইতিমধ্যে পৰিয়ালৰ লোকে বৈঠালাংছʼ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।