কাৰ্বি আংলং জিলাৰ বিশিষ্ট লেখিকা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হিৰন্ময়ী কাকতি (দাস)ৰ গল্প সংকলন ʼবাটোৱাৰাʼৰ আজি শুভ উন্মোচন কৰা হয়। এই উদ্দেশ্যে আজি বিয়লি বকলীয়াঘাটৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে বিশিষ্ট লেখক, সাংবাদিক সঞ্জু বৰাই।
ভূৱন চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পাৰি ৰংপি, ভৱেশ ৰাজবংশী, কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সাৱিত্ৰী গগৈ, লেখক তোষেশ্বৰ নাথ, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ সভাপতি দ্বীপেন বৰবৰুৱা আদিয়ে ভাষণ প্ৰদান কৰি ব্যক্তিগত জীৱনত সুভাষ চন্দ্ৰ দাসৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে সমাজৰ উন্নতিৰ হকে আজীৱন অক্লান্ত সেৱা আগবঢ়াই যোৱা প্ৰয়াত দাসৰ ব্যক্তিত্বৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে সমাজ জীৱনলৈ আগবঢ়াই যোৱা অৱদান সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।