কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বোচ্চ অসামৰিক সেৱা, ক্ৰমে ইউ পি এছচি আৰু এ পি এছ চি পৰীক্ষাৰ বাবে ডিফুত এটি বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ আজি শুভ উদ্বোধন কৰা হয়।
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু গুৱাহাটী উইনিফাইড ফাউণ্ডেশ্যনৰ সহযোগত আজি দিনৰ প্ৰায় ১১ মান বজাত ডিফুৰ গাহৰি আৰু কুকুৰা ফাৰ্মৰ চৌহদত ইউ পি এছ চি আৰু এ পি এছ চি অসামৰিক সেৱাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ-উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে।
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বোচ্চ অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ স্বাৰ্থৰ লগতে উক্ত পৰীক্ষাত উচিত প্ৰশিক্ষণ লাভ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ২০২২-২৩ বৰ্ষৰ অন্তৰ্ৱৰ্তীকালীন বাজেটত ২কোটি ২২লাখ ২৫হাজাৰ ২০০ টকা ধাৰ্য্য কৰা হৈছে।
উক্ত বাজেটৰ সুবিধা অনুসৰিয়েই আজি ডিফুত জিলাখনৰ স্থায়ী বাসিন্দা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইউ পি এছচি আৰু এ পি এছ চিৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰা হৈছে বুলি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জানিবলৈ দিছে।
ডাঃ তুলিৰাম ৰংহাঙে ইয়াকো জানিবলৈ দিছে যে, গুৱাহাটী ইউনিফাইড ফাউণ্ডেশ্যনৰ মুৰব্বী ডাঃ জাফনিৰ মেহজেবিনৰ নেতৃত্বত এটি অভিজ্ঞ প্ৰশিক্ষকৰ দলে উক্ত প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰথম অৱস্থাত সপ্তাহত ৫ দিন আৰু ছাত্ৰ-ছাত্ৰীয়ে দাবী কৰিলে ৬ দিন পাঠদান কৰা হ’ব।
প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষকসকলৰ থকা খোৱা আৰু বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ যাৱতীয় খৰছ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে বহন কৰিব বুলি ডঃ তুলিৰাম ৰংহাঙে মন্তব্য কৰে।
আনহাতে, ইউনিফাইড ফাউণ্ডেশ্যনৰ মুখ্য প্ৰশিক্ষক ডঃ জাফৰিণ মেহজেবিনে সাংবাদিকৰ আগতে কয় যে, উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সুপ্ত প্ৰতিভাবোৰ বুটলি আনি উচিত প্ৰশিক্ষণ দি ২০২৪ চনলৈকে অতি কমতে ৫টা আই এছ বিষয়া উলিওৱাটোৱে প্ৰশিক্ষণ কেন্দ্ৰটোৰ লক্ষ্য আৰু উদ্দেশ্য ।
উক্ত প্ৰশিক্ষণ কেন্দ্ৰত ভৰ্ত্তি হিচাপে যোগ্যতাৰ বাবে প্ৰাৰ্থীজন যোগ্য নাগৰিক হোৱাৰ লগতে স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ আৰু জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিব।
এই লৈ আজি প্ৰশিক্ষণ কেন্দ্ৰটিৰ প্ৰাক্তন আই এছ বিষয়া লংকি ফাংছ, সাংসদ হৰেণছ্ং বে’ আৰু বিধায়ক বিদ্যাছিং ইংলেঙও অনুপ্ৰেৰণামূলক আৰু সাৰুৱা বক্তব্য প্ৰদান কৰে।