গোঁসাইগাঁওঃ যোৱা ২৭ ছেপ্টেম্বৰত কোকৰাঝাৰৰ সেৰফাঙগুৰিৰপৰা দুৰ্বৃত্তই প্রদীপ শীল নামৰ ব্যৱসায়ীজনক অপহৰণ কৰি নিয়াৰ প্ৰতিবাদত সোমবাৰে আহ্বান জনোৱা ১২ ঘন্টীয়া বিটিএডি বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱাটো পৰিলক্ষিত হয়।
সোমবাৰে পুৱাৰ ভাগত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই সোমবাৰে পুৱা ৫ বজাৰপৰা বিয়লি ৫ বজালৈ এই বন্ধৰ আহ্বান জনাইছিল। ইয়ালৈ সমৰ্থন জনাইছে সদৌ বিটিচি বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনে।
উক্ত বন্ধৰ প্ৰভাৱ গোঁসাইগাঁৱৰ লগতে ভাওৰাগুৰি, শ্ৰীৰামপুৰ, গুৰেফেলা, তেলিপাৰা, সাপকাটাত সৰ্বাত্মকভাৱে পৰে। বন্ধৰ ফলতেই শ্ৰীৰামপুৰত অসম অভিমুখী বাহনসমূহ আৱদ্ধ হৈ পৰে। সমান্তৰালভাৱে বিটিএডিৰ চৰকাৰী, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, হাট-বজাৰ, যান-বাহনৰ চলাচল বন্ধ হৈ পৰা দেখা যায়।