সভ্য সমাজক লজ্জিত কৰাৰ জংঘন্য ঘটনাৰ সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।গাড়ীগাওঁ কিশোৰী দলবদ্ধ জঘন্য ঘটনা মাৰ নাযাওঁতে পুনৰ আন এক দলবদ্ধৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰীক।এইবাৰ ঘটনাৰ স্থান মহানগৰী হাটীগাঁও।
উল্লেখ্য মনস্ত্ৰীম ডট কম নামৰ এটা কোম্পানীত কৰ্মৰত আছিল তিনি পাষণ্ড।মহিলা গৰাকী নতুনকৈ যোগদান কৰিছিল কোম্পানীটোত।আৰক্ষীয়ে প্ৰকাশ কৰাৰ মতে ৩৭বছৰীয়া মহিলা গৰাকীয়ে ১৮এপ্ৰিলৰ দিনা যোগদান কৰিছিল কোম্পানীত।
৩অভিযুক্ত পাষণ্ড কোম্পানীটোৰ নিৰাপত্তা দায়িত্বত আছিল।২০এপ্ৰিলৰ দিনাখন মহিলা গৰাকীক দুপৰীয়া আহাৰ খাবলৈ হাটীগাঁও নীলকমল পথৰ ২১নম্বৰ ঘৰটোলৈ মাতি নিছিল।তাতে অভিযুক্ত নৰপিশাচ নইয়মুদ্দিন আলি, মুকুল ইছলাম আৰু আশ্ৰাফুল আমিনে দলবদ্ধভাৱে ধর্ষণ কৰে।
গুৰুত্বপূৰ্ণ কথা যে মহিলা গৰাকী সৈতে এখন পাৰ্লাৰত পূর্বতে চিনাকি হৈছিল পাষণ্ড কেইটাই।ইফাল অভিযুক্ত তিনি পাষণ্ডই প্ৰকাশ কৰা মতে মহিলা গৰাকীয়ে পাঁচ হাজাৰকৈ টকা দাবী কৰিছিল।কিন্তু টকা নিদিয়া বাবে এজাহাৰ দাখিল কৰিছে।