সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গেৰুৱা দল বিজেপিলৈ বিভিন্ন দলৰ কৰ্মীসকলৰ সোঁত বৈছে। আজি ডিফুস্থিত পূৱ কাৰ্বি আংলঙৰ বিজেপিৰ উদ্যোগত ৪ মাইলস্থিত বিজেপি কাৰ্যালয়ত ধনশিৰি পৰিষদীয় সমষ্টি আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ প্ৰায় ২০৬৫টা পৰিয়ালে ক্ৰমে কংগ্ৰেছ, এপিএইছএলচি আৰু অগপ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।
তাৎপৰ্যপূৰ্ণভাৱে আজি ডিফুৰ বিজেপি কাৰ্যালয়ত গণযোগদানৰ সময়ত গেৰুৱাময় পৰিৱেশ বিৰাজ কৰে। নৱ যোগদান কৰা সদস্য সকলৰ হাতে হাতে গেৰুৱা ছাতি ডিঙিত গেৰুৱা মাফলাৰ আৰু মূৰত গেৰুৱা টুপীয়ে যোগদান কাৰ্যসূচী এক অন্য মাত্ৰা দিয়া পৰিলক্ষিত হয়।  উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় যে বৰ্তমান কাৰ্বি আংলঙৰ ৰাইজে বিজেপি দলৰ উন্নয়নমূলক কাৰ্যকলাপ পৰিৱৰ্তন, নতুন যুৱক- যুৱতীক সংস্থাপনৰ স্বাৰ্থত বিজেপিত যোগদান কৰিছে।  ১৫ বছৰকৈ এএছডিছি আৰু কংগ্ৰেছৰ শাসনকালত পাহাৰীয়া ৰাইজে কেৱল বিভিন্ন ধৰণৰ সংঘাত দেখি পাইছে। বিজেপি শাসনলৈ অহাৰ পিছত কাৰ্বি আংলঙত চৌদিশে শান্তি স্থাপন হোৱাৰ লগতে সকলোৰে সমবিকাশ হৈছে বুলি ভাষণত উল্লেখ কৰে তুলিৰাম ৰংহাঙে ৷ ধনশিৰি প্ৰাক্তন মণ্ডল কংগ্ৰেছ কমিটীৰ সম্পাদক নাৰছিং হাঞ্চু, মণ্ডল কংগ্ৰেছ কমিটীৰ প্ৰাক্তন উপ-সভাপতি হেমবাং জিদুং, হাওৰাঘাটৰ প্ৰাক্তন সভাপতি দেউৰী লেকথে আৰু সম্পাদক কুলদীপ ৰংপি, ডিচিচিআই অনান্য পিছপৰা জনজাতি অধ্যক্ষ মুকুল সন্দিকৈৰ নেতৃত্বত কৰ্মীসকলে গেৰুৱা দলটোক আকোঁৱালি লয়।
আজিৰ যোগদান কাৰ্যসূচীত সাংসদ দৰছিং ৰংহাঙ, কাৰ্বি পৰিষদৰ অধ্যক্ষ লংকি তিমুঙ পূৱ কাৰ্বি আংলং বিজেপি সভাত ধনছিং টেৰণকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিজেপি নেতা-কৰ্মী উপস্থিত থাকে।