Ripun Bora quits Congress, joins Trinamool Congress
কংগ্ৰেছ দল ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই(Ripun Bora}। বিগত ৰাজ্যসভা নিৰ্বাচনত ৰিপুণ বৰাৰ পৰাজয়ৰ বাবে অনাকাংক্ষিতভাৱে কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ সৈতে মিত্ৰতা ভংগ কৰিবলগীয়া হোৱাৰ লগতে দলৰ একাংশ নেতাৰ ভূমিকাক লৈ ক্ষুদ্ধ হৈ পৰিছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।
ইতিমধ্যে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ খবৰ পোৱা গৈছে। কলকাতাত উপস্থিত হোৱা বৰাই তৃণমূল কংগ্ৰেছত (TMC) যোগদান কৰে।