পেট ঠাণ্ডা ৰাখিবলৈ তেঁতেলিৰ বিকল্প নাই। বিভিন্ন প্রকাৰৰ চাট হওক বা ফুচকা— মুখৰোচক খাদ্যৰ সোৱাদ বঢ়াবলৈ তেঁতেলিৰ কোনো উত্তৰ নাই। কিন্তু তেঁতেলিৰ যে স্বাস্থ্যকৰ কিছু দিশ আছে, সেয়া জানেনে? মেদ কমাবলৈ তেঁতেলি কিমান উপকাৰী জানেনে?
ওজন নিয়ন্ত্রণত ৰাখিবলৈ তেঁতেলিত হাইড্রক্সিচাইট্রিক এচিড আছে যিয়ে শৰীৰত চর্বি জমা হ’ব নিদিয়ে। এই এচিডে চেৰ’টোনিন নিউৰোট্রান্সমিটাৰৰ মাত্ৰা বঢ়াই ভোক কমায়।
খাদ্যত লেকাম টানিলেই ওজন নাবাঢ়ে। এই ক্ষেত্রত খাদ্য তালিকাত তেঁতেলিৰ চৰবত ৰাখিব পাৰে। গৰমৰ দিনত তৃষ্ণাও কমিব আৰু সুস্বাস্থ্যও পোৱা যাব।