দাঁতৰ যত্ন লোৱা মানেই দন্তচিকিৎসকৰ ওচৰলৈ দৌৰাটো নহয়। বৰং দাঁতৰ দাগ আদি দূৰৈত ৰাখিব পৰা যায় ঘৰুৱা কিছু অভ্যাসেৰেই। তেনে কেইটামান উপায় জানক, যাতে দাঁতৰ দাগ সহজতে নোহোৱা কৰিব পৰা যায়।
হালধিয়া দাঁত ধকধকীয়া বগা কৰি তোলাৰ ৩ ঘৰুৱা উপায়:
২) বেকিং ছ’ডা : নিশা বেকিং ছ’ডাৰে দাঁত মাজিব পাৰে। টোপনিৰ সময়ত সাধাৰণতে মুখৰ ভিতৰত বেক্টেৰিয়া জন্ম হোৱাৰ আশঙ্কা থাকে। বেকিং ছ’ডা ক্ষতিকৰ কিছু বেক্টেৰিয়াৰ সৈতে যুঁজিবলৈ সক্ষম। ফলত দাঁত ভালে থাকে। দাগ কম পৰে। দৈনিক নিশা এক চামুচ পানীত সামান্য বেকিং ছ’ডা মিহলাই লওক। তাৰ পিছত তাৰে দাঁত মাজক।
৩) ফল-পাচলি : ফল বা পাচলি চোবাই খোৱাটোও দাঁতৰ স্বাস্থ্যৰ বাবে ভাল। ইয়াৰ ফলত দাঁতৰ শক্তি বাঢ়ে। লগতে দাগ আদিও কম পৰে। বিশেষকৈ ষ্ট্ৰবেৰী আৰু আনাৰস খাব পাৰে। তাত এনে কিছু উপাদান থাকে যিয়ে দাঁতত উৎপন্ন হোৱা বেক্টেৰিয়াৰ সৈতে যুঁজে।