কথা কোৱাৰ সময়ত কাৰোবাৰ মুখৰ পৰা যদি দুর্গন্ধ আহে, সেয়া এক অস্বস্তিকৰ বিষয়। সাধাৰণতে দাঁত, দাঁতৰ গুড়ি, আলু, জিভা, মুখগহ্বৰত কোনো ধৰণৰ সংক্রমণ হ’লে মুখত দুর্গন্ধ হয়।
সেয়ে খোৱাৰ পিছত সঠিকভাবে মুখ নুধুলে, পানী যথাযথ পৰিমাণে খোৱা নহ’লে, দাঁতৰ গুড়িত খাদ্যৰ অংশ থাকি গ’লে বা দাঁতৰ এনামেল নষ্ট হ’লেও মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে। কিন্তু কেৱল সেয়াই নহয়, এচিডিটিৰ সমস্যা থাকিলেও কিন্তু মুখত দুর্গন্ধ হ’ব পাৰে।
সেয়ে মুখত দুর্গন্ধ হ’লে পেটৰ স্বাস্থ্য ঠিক আছেনে নাই, সেই দিশতো নজৰ দিব লাগিব। গৰমৰ দিনত এনেয়ো খাদ্য ঠিক মতে হজম নহয়। পেট ফুলি থাকে, গেছ-এচিডিটিৰ সমস্যা বাঢ়ে। কিন্তু কি কৰিলে সুফল পাব?
এচিড যাতে বেছি নহয়, তাৰ বাবে সময়মতে বাৰে বাৰে অলপ অলপকৈ খাব লাগিব। তাৰ ফলত পাকস্থলীত খাদ্যৰ পাচনৰ বাবে ক্ষৰিত হাইড্রোক্লোৰিক এচিড কামত লাগিব। এচিডৰ সমস্যা থাকিলে নেমু, মৌচুমীৰ দৰে ৰসাল ফল নোখোৱাই ভাল।
উচ্চ ফাইবাৰযুক্ত খাদ্যই হজমত সহায় কৰে। বেছি তেল, জাল, মচলাযুক্ত খাদ্য কম খোৱাই ভাল। কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ শাক-পাচলি, ফল বেছিকৈ খাব। পর্যাপ্ত মাত্রাত পানী খাব লাগিব। দৈ খোৱাটো পেট বা হজমৰ পক্ষে সকলো সময়তেই ভাল।