ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ এণ্ড এণ্টি ক্ৰাইম অৰ্গেনাইজেশ্যন আৰু নগাঁও চেন্ট্ৰেল বেংকৰ সহযোগিতাত এক সভা অনুষ্ঠিত কৰা হয়৷
নগাঁও চেণ্ট্ৰেল বেংকৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত বেংকটোৰ মুখ্য প্ৰবন্ধক ৰাজীৱ কুমাৰৰ লগতে জ্যেষ্ঠ প্ৰবন্ধক আৰিফ জামান,সহকাৰী প্ৰবন্ধক ক্ৰমে বিকাশ,মনমীতা বৰা,প্ৰাঞ্জল বৰা,বুলবুল দাস,নবনীতা বৰুৱা আদিৰ ওপৰিও যথেষ্ট সংখ্যক লোক উপস্থিত থাকে৷