নিউজ ডেস্কঃ
ক্ষমা বিচৰাৰ পিছত এইবাৰ চকলেটৰ পেকেটৰ পৰা জগন্নাথৰ ছবি আঁতৰালে নেছলে ইণ্ডিয়াই।
নেছলেৰ জনপ্রিয় প্রডাক্ট কিটকেটৰ পেকেটত প্ৰভু জগন্নাথৰ ছবি ছপা কৰা হৈছিল। তাকে লৈ বিভিন্ন মহলত তুমুল অসন্তুষ্টিয়ে দেখা দিয়ে। ছচিয়েল মিডিয়াতো বিতর্কৰ জোৱাৰ উঠে। এই বিষয়ত পূৰ্বতেই ক্ষমা বিচাৰিলেও এইবাৰ বজাৰৰ পৰা উক্ত পেকেটবোৰ উঠাই অনা বুলিও জনাইছে বিখ্যাত কোম্পানীটোৱে।