নিউজ ডেস্কঃ
বিশ্বজুৰি চাৰে ২২ কোটি পাছৱর্ড চুৰি কৰি নিছে হেকাৰে। এই চাঞ্চল্যকৰ তথ্য প্রকাশ্যে আনিলে নেচনেল ক্রাইম এজেন্সি (এনচিএ)-এ। সংস্থাটোৱা জনোৱা মতে, ক্লাউড ষ্টোৰেজৰ পৰা পাছৱর্ডবোৰ সৰকাইছিল হেকাৰসকলে। অৱশ্যে সেইবোৰ উদ্ধাৰ কৰা সম্ভৱ হৈছে বুলিও দাবী এনচিএৰ।
এনচিএই লগতে জনাইছে, উদ্ধাৰ হোৱা পাছৱর্ডবোৰ ‘হেভ আই বিন পনড’ ডেটাবেছত মজুত কৰা হৈছে। এনচিএ সূত্র মতে, কেইদিনমান আগতে এই বিপুল সংখ্যক পাছৱর্ড ক্লাউড ষ্টোৰেজৰ পৰা হেক কৰা হয়।
চাৰে ২২ কোটি পাছৱর্ড হেক হোৱাৰ ঘটনা প্রকাশ্যে অহাৰ পিছতেই মনত এটা সন্দেহৰ ভাব হয়, চুৰি হোৱা তালিকাত আপোনাৰ-মোৰো নেইতো?
তেনেহ’লে কেনেদৰে নিশ্চিত হ’ব যে আপোনাৰ পাছৱর্ড হেক হৈছেনে নাই?
এইটো জানিবৰ বাবে ‘হেভ আই বিন পনড’ ৱেবছাইটলৈ যাব লাগিব। তাত লগ ইন কৰাৰ প্রয়োজন নাই। কোনো মেইল আইডিৰ পাছৱর্ড চুৰি হৈছে নেকি সেয়া পৰীক্ষা কৰি চাবলৈ উক্ত ৱেবছাইটলৈ গৈ ‘পাছৱর্ড’ লেখা টেবত ক্লিক কৰিব লাগিব। তাত নিজৰ পাছৱর্ড দিলেই ৱেবছাইটৰ পৰা বার্তা দিয়া হ’ব যে সেইটো হেক হৈছেনে নাই।
এনচিএই লগতে কৈছে যে ‘হেভ আই বিন পনড’ ৱেবছাইটটি নিৰাপদ। তাত নিজৰ পাছৱর্ড দি পৰীক্ষা কৰিলে যদি জানিব পৰা যায় যে সেইটো চুৰি হৈছে তেনেহ’লে তৎক্ষণাৎ সংশ্লিষ্ট পাছৱর্ড সলনি কৰিব লাগিব।