নিউজ ডেস্কঃ
নাগালেণ্ডৰ মন জিলাত কয়লা খনিত কাম কৰা ১৩জনকৈ নিৰীহ শ্ৰমিকক অসম ৰাইফলছে গুলীয়া হত্যা কৰাৰ পাছতেই ক্ৰমাৎ উত্তপ্ত হৈছে নাগালেণ্ড।সাধাৰণ জনতাৰ ওপৰত সেনাৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে ওলাই আহিছে ৰাজ্যবাসী। দাবী উঠিছে কলা আইন আস্ফাৰ বাতিল কৰা। উত্তৰ-পূৰ্বত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰি থোৱা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতাৰ আইনৰ বাতিল কেৱল নাগালেণ্ডৰ জনতাই তুলিছে তেনে নহয়। সাধাৰণ জনতা সৈতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফ্ৰিউ ৰি’অৱে কেন্দ্ৰীয় চৰকাৰক আস্ফা প্ৰত্যাহাৰৰ দাবীৰ জনাইছে। সেনা বৰ্ব কাণ্ড বিৰুদ্ধে ৰাজ্যবাসী লগত একে শাৰীত থিয় দিছে মুখ্যমন্ত্ৰীয়ে । নাগালেণ্ডৰ উপৰিও মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইয়ো কলা আইন আস্ফা প্ৰত্যাহাৰৰ মুকলি ভাৱে দাবী জনাইছে কেন্দ্ৰক।
গুৰুত্বপূৰ্ণ কথা যে দুয়োখন ৰাজ্য বৰ্তমানৰ চৰকাৰ NDA অংশীদাৰ। ইফালে নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সাহসীকতাক সামাজিক মাধ্যমত বহুজনে প্ৰশংসা কৰিছে। NDA অংশীদাৰী হৈয়ো আস্ফাৰ মুকলি বিৰোধিতা দেখি একাংশ অসমবাসীয়ে বিভিন্ন সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰীৰ এই আইন বাতিল বা প্ৰত্যাহাৰ দাবী জনাবলৈ সাহস হব নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে।তাপৰ্যপূৰ্ণ কথা যে ভাৰত চৰকাৰৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন সমগ্ৰ উত্তৰ পূৰ্বৰ লগতে অসমতো প্ৰযোজ্য হৈ আছে।