নিউজ ডেস্কঃ
এক অনাকাংক্ষিত ৰেকৰ্ডৰ অধিকাৰী হ’ল নিউজীলেণ্ড৷ এজাজ আহমেদে নিউজীলেণ্ডৰ হৈ টেষ্টত ১০ উইকেট লাভৰ আনন্দ উপভোগ কৰিব নাপাওঁতেই এই লজ্জাজনক ৰেকৰ্ড গঢ়ে নিউজীলেণ্ডে৷ দ্বিতীয় টেষ্টৰ প্রথম ইনিংছ মাত্র ৬২ ৰানতে শেষ হয় নিউজীলেণ্ডৰ। যিটো ভাৰতৰ বিৰুদ্ধে টেষ্টত কোনো দলৰ এইটোৱেই সর্বনিম্ন ৰানৰ ইনিংছ। ইয়াৰ পূৰ্বে এই ৰেকর্ড আছিল দক্ষিণ আফ্রিকাৰ নামত। ২০১৫ চনত নাগপুৰ টেষ্টত ৭৯ ৰানত শেষ হৈছিল দক্ষিণ আফ্রিকাৰ ইনিংছ।
মহম্মদ চিৰাজে লাভ কৰে ১৯ ৰানত ৩টা উইকেট৷ ৰবিচন্দ্রন অশ্বিনে দখল কৰে মাত্ৰ ৮ ৰানত ৪টা উইকেট৷ আনহাতে, ২টা উইকেট অক্ষৰ পেটেলে আৰু এটা উইকেট দখল কৰে জয়ন্ত যাদৱে।
উল্লেখ্য টেষ্ট ইতিহাসত সর্বনিম্ন ৰানৰ ৰেকৰ্ডো আছে নিউজালেণ্ডৰ নামতেই। ১৯৫৫ চনত অকলেণ্ডত ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰানতে ইনিংছ সামৰিছিল নিউজীলেণ্ডে।