স্বাস্থ্য প্ৰতিবেদন:
প্রচণ্ড শীতত বেছিভাগ ছালেই শুষ্ক আৰু প্রাণহীন হৈ পডৰে। এনে অৱস্থাত ছালত ময়লাৰ স্তৰ জমা হৈ যায়। পৰিবেশত প্ৰদূষণ আৰু ময়লা বিয়পি পৰাৰ প্রভাৱত সূর্যৰ ৰশ্মি য’তেই পডৰে তাতেই হাত-ভৰিৰ ৰং নষ্ট হৈ যায়।
কেৱল সেয়াই নহয়, নির্জীব কোষৰ এটি স্তৰো উঠে ছালত। এই ঠাণ্ডা ঋতুত শৰীৰৰ প্রাণহীন ছালক পৰিষ্কাৰ আৰু সুন্দৰ কৰাৰ কিছু সহজ উপায় আছে, যিবোৰ অৱলম্বন কৰি সৌন্দর্য ধৰি ৰাখিব পাৰি।
এইবাৰ এই পেষ্টটো শৰীৰৰ যি অংশত ৰ’দৰ কাৰণে ছাল ক’লা হৈ গৈছে তাত ঘঁহি দিয়ক। হাত আৰু ভৰিৰ ছালৰ ক’লা দাগ দূৰ হ’ব আৰু ছাল হৈ উঠিব কোমল আৰু চকচকীয়া।
২ চামুচ চন্দনৰ গুড়িত বিলাহী মিহলাই ৰস উলিয়াই লওক আৰু তিয়ঁহৰ ৰসৰ লগত ভালদৰে মিহলাই লওক। পেষ্ট তৈয়াৰ হ’লে হাত আৰু ভৰিত লগাই ১৫ মিনিট ৰাখি পানীৰে ধুই দিয়ক। সপ্তাহত দুবাৰ এই প্রক্রিয়াটি ব্যৱহাৰ কৰিলে ছালৰ ক’লা ভাব দূৰ হ’ব, হাত-ভৰি পৰিষ্কাৰ দেখাব আৰম্ভ কৰিব।
কমলাৰ বাকলি শুকাই লওক। ইয়াৰ পিছত গুড়ি কৰক। গাখীৰত ডুবাই পেষ্ট তৈয়াৰ কৰক।
এইবাৰ পেষ্টটো হাতে-ভৰিয়ে মাছাজ কৰক। এই পেষ্ট শৰীৰত শুকাই গ’লে পানীৰে ধুই দিয়ক। এই পদ্ধতিত ছালৰ ক’লা দাগ দূৰ হোৱাৰ লগতে উজ্জ্বল হ’ব।