স্বাস্থ্য প্ৰতিবেদন:
বাছ বা গাড়ীত উঠিলেই বমি বমি ভাব, মূৰ ঘূৰনিৰ সমস্যাত ভোগে বহু লোক। বিশেষকৈ দীঘলীয়া ভ্ৰমণৰ ক্ষেত্রত এই সমস্যা আৰু প্রকট হৈ উঠে। ফলত বহুতেই গাড়ী বা বাছত দীঘলীয়া ভ্ৰমণৰ পৰা বিৰত থাকে।
যাতায়াতৰ সময়ত এই শাৰীৰিক সমস্যাবোৰে দেখা দিয়ে মোচন চিকনেছৰ কাৰণে। অৱশ্যে এই সমস্যাৰ পৰা উদ্ধাৰৰ কিছু উপায় আছে। বাছ বা গাড়ীত উঠাৰ আগতে কেইটামান কথা মনত ৰাখিলে এই সমস্যাৰ পৰা মুক্তি পোৱা যায়।
২) যিসকলে এনে ধৰণৰ সমস্যাত ভোগে, তেওঁলোকে বাছ বা গাড়ীত সকলো সময়তে সন্মুখৰ আসনত বহাৰ চেষ্টা কৰক। পিছৰ ফালে নবহাই ভাল।
৩) বমি আহিলে বা অন্য কোনো শাৰীৰিক সমস্যা দেখা দিলে বাছ বা গাড়ীৰ খিৰিকী খুলি দিয়ক। বাহিৰৰ বতাহে আপোনাক সতেজ কৰি ৰাখিব।
৪) ভ্রমণৰ সময়ত লগত ৰাখক নেমুৰ পাত, পানী। ই সাময়িকভাবে আপোনাক স্বস্তি দিব।
৫) যিটো দিশে গাড়ী চলে সেই দিশে মুখ কৰি বহক।
৬) ভ্রমণৰ আগতে পেট পূৰাই নোখোৱাই ভাল। লঘু কিবা খাই গাড়ীত উঠক। কিন্তু ভুলতো খালি পেটে নুঠিব।
৭) ভ্রমণ আৰম্ভ কৰাৰ আগতে পাৰিলে বমিৰ ঔষধ এটি খাই ল’ব।