গুৱাহাটীঃ অসমৰ চাৰিটা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচন অহা ২১ অক্টোবৰত অনুষ্ঠিত হ’ব। ইফালে ফলাফল ঘোষণা কৰা হ’ব ২৪ অক্টোবৰত। শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই এই কথা সদৰী কৰে।
উল্লেখযোগ্য যে গত লোকসভা নিৰ্বাচনত ৰঙাপৰাৰ বিধায়ক পল্লৱলোচন দাস, সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈ, জনিয়াৰ বিধায়ক আব্দুল খালেক আৰু ৰাতাবাৰীৰ বিধায়ক কৃপানাথ মাল্লা দেশৰ সংসদলৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
সেয়ে এই চাৰিটা সমষ্টিত উপ-নিৰ্বাচন উল্লেখিত সময়ত অনুষ্ঠিত হ’ব। উল্লেখ্য, শনিবাৰেই নিৰ্বাচন আয়োগে দেশৰ কেইবাখনো ৰাজ্যৰ মুঠ ৬৪ টা বিধান সভা সমষ্টিৰো উপ-নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰে।