নিউজ ডেস্কঃ
এক মহাজাগতিক সহাৱস্থানত সৌৰজগতৰ তিনিটা তৰাৰ কাষলৈ আহিব চন্দ্ৰ। সমগ্ৰ দেশ শাৰদোৎসৱত মতলীয়া হৈ থকাৰ সময়তে যেন মহাকাশতো উদযাপন হ’ব শাৰদোৎসৱ! শুক্র, শনি আৰু বৃহস্পতি, এই তিনি গ্রহৰেই ওচৰলৈ আহিব পৃথিৱীৰ একমাত্র উপগ্রহটো। ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰ পর্যন্ত সন্ধিয়া হ’লেই আকাশত দেখা যাব এই অনিন্দ্য সুন্দৰ দৃশ্য।
এই শুক্লপক্ষত পূর্ণিমা পর্যন্ত প্রতিদিনে চন্দ্ৰক প্রথমে শুক্রগ্রহৰ ওচৰত দেখা যাব। দুয়োটাকেই উজ্জ্বল দেখা পোৱা যাব। শনিবাৰে সন্ধিয়াৰ পৰা বুধবাৰে অষ্টমীৰ নিশা পর্যন্ত এই দৃশ্য দেখা যাব। ইয়াৰ পিছত বৃহস্পতি আৰু শনিৰ মাজলৈ গুচি যাব চন্দ্র।
চন্দ্ৰৰ পোহৰ উজ্জ্বল হোৱাৰ লগতে ৰূপালী ৰঙত দেখা যাব বৃহস্পতিক। শনিৰ ৰং হ’ব হালধীয়া বগা। এই মহাজাগতিক দৃশ্য চাবলৈ কোনো দূৰবীণ বা টেলিস্কোপৰো প্রয়োজন নাই। খালী চকুৰেই দেখা যাব। শনিবাৰৰ পৰা অষ্টমী পর্যন্ত বৃহস্পতি আৰু শনিক দেখা নাযাব৷ কাৰণ শুক্ৰগ্ৰহৰ উজ্জ্বলতাৰ কাৰণে উক্ত দুই গ্রহ ম্লান পৰি যাব।