ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং জিলাৰ বোকাজান মহকুমাত অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷
ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰতিটো কৌশলেই নিষ্ক্ৰীয় কৰি কাৰবি আংলং আৰক্ষীয়ে লাভ কৰিছে একাধিক সফলতা ৷ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিদিনে আৰক্ষী সষ্টম হৈ থকা পৰিলক্ষিত হৈছে।
শুকুৰবাৰে বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত, খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্ম, উপপৰিদৰ্শক মৃদুল ৰুদ্ৰ পল, নিতুল শইকীয়াৰ সৈতে যোৱা অভিযানকাৰীদলে খটখটী SBI শাখাৰ সন্মুখত এখন Alto বাহনত চলোৱা তালাচীত নিষিদ্ধ ড্ৰাগছসহ এজনক আটক কৰিবলৈ সক্ষম হয় । ডিমাপুৰৰ দিশৰ পৰা আহি থকা AS-09-E-9677 নম্বৰৰ এখন Alto বাহনৰ পৰা পাঁচটা চাবোনৰ বাকচত উদ্ধাৰ কৰে 64 গ্ৰাম নিষিদ্ধ ড্ৰাগছ৷ খটখটী আৰক্ষীয়ে সৰবৰাহৰ সৈতে জড়িত থকা কাৰ্বিআংলং জিলাৰ বৰপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত ছিলনিজানৰ নিবাসী জুৱেল টকবীৰ পুত্ৰ আমোছ টকবী নামৰ যুৱকজনক আটক কৰিছে বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে খটখটী আৰক্ষীয়ে আটক কৰা লোকজনক জেৰা অব্যাহত ৰাখিছে৷