![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৩০০ জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৪৪২৭২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩০০গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৬৯জন কামৰূপ মেট্ৰ’ৰ, ২৬জন লখিমপুৰৰ, ২৫জন গোলঘাটৰ আৰু ২৫জন যোৰহাটৰ।বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬৮ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৬ জন ব্যক্তিৰ৷উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৬৭জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৩২ শতাংশ।
এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৩৯২৩ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৮৯৮ জন ৰোগী।













