নিউজ ডেস্কঃ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত অনুষ্ঠিত এপিডিচিএলৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীত জড়িত ১০জনক গ্ৰেপ্তাৰ।চিএম ভিজিলেন্সৰ হাতত শুকুৰবাৰে নিশা বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত কেইজনক।বৰ্তমানো পলাতক অৱস্থা আছে এজন অভিযুক্ত।উল্লেখ ২০১৯ চনত অনুষ্ঠিত হৈছিল পৰীক্ষা।কিন্তু ফলাফল ঘোষণা হোৱাৰ নাছিল পৰীক্ষাৰ।Office Cum field Assistant পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।
পৰীক্ষা কেলেংকাৰী মূল অভিযুক্ত এপিডিচিএলৰ মুখ্য মহাপ্ৰৱন্ধক মহম্মদ আতাও ৰহমান বৰ্তমান পলাতক।
গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজনক আজি হাজিৰ কৰাব আদালতত।অভিযুক্ত ভিতৰত ২গৰাকী মহিলা ।
দিছপুৰ ডাউনটাউনৰ বাসগৃহ পৰা এপিডিচিএলৰ অধ্যক্ষ দীপাংক দিহিঙীয়াক গ্ৰেপ্তাৰ কৰাৰ উপৰিও
লংকেশ্বৰ পৰা শশাংক শইকীয়াক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী তদাৰকী শাখাই।শইকীয়াক লগত লৈ নিশা গুৱাহাটী বিশ্ববিদ্যালয়ত চলোৱা হয় অভিযান।
ইফালে গ্ৰেপ্তাৰ হৈ অধ্যক্ষ দীপাংক দিহিঙীয়াই কয়-চাকৰিৰ জীৱনত কেতিয়াও তেনেকুৱা কাম কৰা নাই ।এজন অনেষ্ট অফিচাৰ হিচাপে নাম আছে।দুদিন পাছত সঁচা কথা অসমবাসী ৰাইজে অৱগত হ’ব’।
মুখ্যমন্ত্ৰী বিশেষ তদাৰকীৰ শাখা ০৪/২০২১নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক কেইজনক।
তদন্তকাৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি দিছপুৰ, সাতগাঁও, বশিষ্ট লতাশিল, জালুকবাৰী, হাটীগাওঁত চলিছিল অভিযান।
ৰৌজী কলিতা নেতৃত্বত চলিছিল এই অভিযান।