স্বাস্থ্য প্ৰতিবেদন:
খাদ্য খালেই যে শৰীৰ ভালে থাকে সেই ধাৰণা এতিয়া অতীত। আপুনি কেনে খাদ্য খাইছে তাৰ ওপৰতো নির্ভৰ কৰে শৰীৰৰ স্বাস্থ্য। সঠিক খোৱা-লোৱা কৰিলে বহু ৰোগেই যেনেদৰে সহজতে এৰাই চলিব পৰা যায়, তেনেদে আকৌ বেছিকৈ ৰান্ধি ফ্রিজত থৈ দিয়া খাদ্য বাৰে বাৰে গৰম কৰি খালেও শৰীৰ নিমিষতে বেয়া হ’ব পাৰে। সময় ৰাহি কৰাৰ বাবে একেলগে বেছিকৈ ৰান্ধি সেই খাদ্য গৰম কৰি খোৱাৰ প্রবণতাও বহু বেছি। কিন্তু এই বাহি খাদ্য শৰীৰৰ বাবে কিমান ক্ষতিকাৰক, জানিলে অবাক হ’ব।
কণী সিদ্ধ কৰি থৈ পিছত বহুতেই গৰম কৰি খায়। কণীত বহু বেছি পৰিমাণে প্রোটিন আৰু এন্টি অক্সিডেন্টছ থাকে। এবাৰ ৰন্ধাৰ পিছত তাক বাৰম্বাৰ গৰম কৰিলে তাৰ পৰা টক্সিন উৎপন্ন হয়, যিয়ে বদহজম কৰিব পাৰে।
বহুতেই আলু সিজাই থৈ দিয়ে। কিন্তু এটা কথা জানি থ’ব, সিদ্ধ আলু ৰন্ধাৰ পিছত ঠাণ্ডা হ’লে তাত বটুলিজম নামৰ এক ধৰণৰ বেক্টেৰিয়া সৃষ্টি হয়। আৰু পিছত গৰম কৰিলে এই বেক্টেৰিয়াৰ সংখ্যা বাঢ়ি যায়। তাৰ পৰা পেটৰ সমস্যাই দেখা দিব পাৰে।
বহুতেই সঘনাই চাহ খোৱাটো পছন্দ কৰে। কিন্তু জানেনে, এবাৰ চাহ বনোৱাৰ পিছত ঠাণ্ডা হৈ গ’লে তাক পুনৰ গৰম কৰা উচিত নহয়। কাৰণ চাহত টেনিক এচিড থাকে৷ সেয়ে এবাৰ বনোৱা চাহ বাৰে বাৰে গৰম কৰি খালে লিভাৰৰ বৃহৎ ক্ষতি হ’ব পাৰে।
পালেং শাকো ৰন্ধাৰ পিছত ভুলতো গৰম নকৰিব। কাৰণ পালেং শাকত অতিৰিক্ত পৰিমাণে নাইট্রেটছ থাকে। ৰন্ধা পালেং শাক পুনৰ গৰম কৰি খালে শৰীৰত ক্ষতিকাৰক টক্সিন বেছি মাত্রাত প্ৰৱেশ কৰিব পাৰে।
মাশৰুম খোৱাটো শৰীৰৰ বাবে ভাল। স্বাস্থ্য বিশেষজ্ঞসকলেও মাশৰুম খাবলৈ কয়। মাশৰুমৰ ফাইবাৰ আৰু এনজাইমে হজমত সহায় কৰে। সেয়ে মাশৰুম এবাৰ ৰন্ধাৰ পিছত বাৰে বাৰে গৰম কৰি খালে সেয়া পেটৰ বাবে ভীষণ ক্ষতিকাৰক।
এইটো কথাও জানি ৰাখিব যে মুৰ্গীৰ মাংস বাহি কৰি খোৱাটো একেবাৰেই উচিত নহয়। কাৰণ মুৰ্গীৰ মাংসত প্রচুৰ পৰিমাণে প্রোটিন থাকে। ৰন্ধাৰ পিছত বাৰে বাৰে সেয়া গৰম কৰিলে প্রোটিনৰ কম্পোজিচন সলনি হৈ যায়, তাৰ পৰা বদহজমৰো সমস্যা হ’ব পাৰে।
বহুতেই আকৌ ভাত একেবাৰতে বেছিকৈ ৰান্ধি ফ্রিজত থৈ দিয়ে।
সেই ভাত মাইক্রোৱেভত গৰম কৰি খায়। ভাত হোৱাৰ পিছত তাত বেছিলছ ছিৰিয়াছ বেক্টেৰিয়া সৃষ্টি হয়। আৰু সেই ভাত বাৰম্বাৰ গৰম কৰিলে বেক্টেৰিয়াৰ সংখ্যা দুগুণ হৈ যায়। য’ৰ পৰা ডায়েৰিয়া পর্যন্ত হ’ব পাৰে।