স্বাস্থ্য প্ৰতিবেদন:
বহুতেই চিধা বা পোন চুলি বিচাৰে। কিন্তু বিভিন্ন ৰাসায়নিক উপায়েৰে বা চুলি চিধা কৰা যন্ত্রৰে চুলি পোন কৰিবলৈ বহু সময়ত গৈ হিতে বিপৰীতহে হোৱা দেখা যায়। সেই কাৰণেই ইচ্ছা থাকিলেও ‘ষ্ট্ৰেট হেয়াৰ’ৰ বাসনাৰ পৰা পিছুৱাই আহে বহুতে।
কিন্তু ঘৰত বহিয়েই প্রাকৃতিক উপায়েৰে চুলি চিধা কৰাও সম্ভৱ। ইয়াৰ বাবে প্ৰয়োজন বিশেষ হেয়াৰ মাস্ক। কেনেদৰে বনাব সেই মাস্ক?
কি কি লাগিব :
• দুই টেবুল চামুচ মৌ
• দুই টেবুল চামুচ অলিভ অয়ল
• এক টেবুল চামুচ টেঙা দৈ
কেনেদৰে মাস্ক ব্যৱহাৰ কৰিব :
প্রথমতে আটাই কেইটা উপকৰণ একেলগে ভালদৰে মিহলাই মাস্ক বনাই লওক। তাৰ পিছত সেই মিশ্রণ ভালদৰে চুলিত ঘঁহক। এই মাস্ক আধাঘণ্টা চুলিত ঘঁহি ৰাখি থওক। তাৰ পিছত সাধাৰণ পানীৰে ধুই লওক। লগে লগে চেম্পু নকৰিব। পিছদিনা চেম্পু কৰিব পাৰিলে সকলোতকৈ ভাল। সপ্তাহত তিনি দিন এনেদৰে মাস্ক ব্যৱহাৰ কৰিলে মাহৰ ভিতৰতেই চুলি বহুখিনি চিধা হৈ যাব।