স্বাস্থ্য প্ৰতিবেদন:
ৰক্তচাপ নিয়ন্ত্রণত ৰাখিবলৈ হ’লে সময় মতে সেয়া পৰীক্ষা কৰাও জৰুৰী। সকলো সময়তে বাহিৰত গৈ পৰীক্ষা কৰা সম্ভৱ নহয়। সেয়ে বহুতেই ঘৰতেই ৰক্তচাপৰ পৰীক্ষা কৰে। কিন্তু ৰক্তচাপ জোখাৰ ক্ষেত্ৰত এনে কিছু বিষয়ত গুৰুত্ব দিব লাগে, যিবোৰ সম্পর্কে স্পষ্ট ধাৰণা নথকাত বহু ভুল হৈ যায়।
কেনে ভঙ্গীত বহা উচিত?
কোনবোৰ বিষয় মনত ৰাখিব?
১) ৰক্তচাপ জোখা যন্ত্রটোৰ কাফৰ আকাৰ আপোনাৰ উপযুক্ত হয়নে নহয় চোৱাটো প্ৰয়োজন। কিনাৰ সময়ত এইটো খেয়াল ৰাখিব।
২) নিয়মিত ৰক্তচাপ জুখিবলৈ আৰম্ভ কৰাৰ আগতে যন্ত্রটোৱে সঠিক মাপ দেখাইছেনে নাই বুজিবলৈ এজন চিকিৎসকৰ সহায় লওক।
৩) দিনত দুবাৰ ৰক্তচাপ জোখক। প্রথমবাৰ পুৱা উঠি ৰক্তচাপৰ ঔষধ খোৱাৰ আগতে। পিছৰবাৰ সন্ধিয়া সময়ত। প্রতিদিনেই এই নিয়ম মানি চলক।
৪) ৰক্তচাপ পৰীক্ষা কৰাৰ অন্তত আধাঘণ্টা আগৰে পৰা খাদ্য, ধূমপান, এলকহল বা চাহ-কফি এৰাই চলক।
৫) ৰক্তচাপ জোখাৰ সময়ত শান্ত হৈ বহক। বিশেষকৈ ৰক্তচাপ জুখিবলৈ আৰম্ভ কৰাৰ আগতে পাঁচ মিনিটমান চকীত এনেই বহি লওক। তাৰ পিছত ৰক্তচাপ জোখক।
৬) কাপোৰৰ ওপৰত কাফটো নাৰাখিব, ছালৰ ওপৰত ৰাখক।
৭) ৩ মিনিট নহ’লে একেখন হাততে পুনৰ ৰক্তচাপ নুজুখিব।