স্বাস্থ্য প্ৰতিবেদন:
গুণৰ ভাণ্ডাৰ হৈছে সৰিয়হ। ১১ গ্ৰাম ওজনৰ সৰিয়হৰ গুটিত থাকে কেল’ৰি ৫২, প্ৰ’টিন (৩.২ গ্ৰাম, ৪৬ শতাংশ), কাৰ্ব’হাইড্ৰেট (২.৯ গ্ৰাম, ২১ শতাংশ), ফেট (০.৩ গ্ৰাম), এণ্টিঅক্সিডেণ্ট, ডায়েটেৰী ফাইবাৰ, বহু কেইবিধ ভিটামিন ইয়াত থাকে। কলেষ্ট’ৰেলৰ পৰিমাণ হ’ল শূন্য।
সৰিয়হত থকা ভিটামিনসমূহ :
সৰিয়হৰ উপকাৰিতা :
২) হাপানি ৰোগ আৰু আন শ্বাস ৰোগৰ উপশম ঘটোৱাত সহায়ক সৰিয়হত থকা চেলেনিয়াম আৰু মেগনেছিয়ামৰ এণ্টিইনফ্লেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ।
৩) হৃদৰোগৰ পৰা সুৰক্ষা– সৰিয়হত থকা অ’মেগা-৩, ফেটি এচিডৰ বাবে এয়া সম্ভৱপৰ বুলি Cardiovascular Drugs and Therapy আলোচনীত প্ৰকাশ পাইছে। Myocardial Infarct আৰু Cardiac Arrtythmiaৰ সম্ভাৱনা কমায়।
সৰিয়হে তেজৰ কলেষ্ট’ৰেল আৰু ট্ৰাইগ্লিচাৰাইড কমায়।
৪) মেদবহুলতা হ্ৰাস কৰাত ভূমিকা- নিয়াচিন আৰু বি-ভিটামিন গোটৰ বাবে শৰীৰৰ সক্ৰিয়তা (মেটাবলিজম) বঢ়াৰ ফলত মেদ বহুলতা হ্ৰাস পায় বুলি Oxford Polytechnic Institute, Englandৰ প্ৰকাশিত তথ্য।
৫) মাইগ্ৰেইনৰ চিকিৎসা- অ’মেগা-৩, ফেটি এচিড আৰু মেগনেছিয়ামৰ বাবে এয়া সম্ভৱ।
৬) চৰ্মৰোগৰ চিকিৎসাত উপযোগী– চ’ৰিয়াচিচৰ দৰে অ’টো-ইমিউন ৰোগত সৰিয়হে সংক্ৰমণ হ্ৰাস কৰে (Journel of Dermatology)।
৭) চুলিৰ যতন ল’বলৈ ব্যৱহৃত চুলি সৰা, অকালতে পকা, উফি হোৱা, চুলি চুটি আদিৰ চিকিৎসাত সৰিয়হৰ তেল উপযোগী।
৮) স্নায়বিক দুৰ্বলতাৰ চিকিৎসা- ভিটামিন আৰু ট্ৰাইচ এলিমেণ্টৰ বাবে সেয়া সম্ভৱ।
৯) ডায়েবেটিছৰ চিকিৎসাত ভূমিকা- ইয়াৰ বাবে সৰিয়হৰ শাক অতিকৈ উপকাৰী। সৰিয়হৰ এণ্টি-অক্সিডেণ্টসমূহে ছুগাৰ মেটাবলিজমত সহায় কৰে।
১০) ৰজোনিবৃতিত প্ৰয়োগ- মেগনেছিয়াম আৰু কেলছিয়ামৰ উপস্থিতিয়ে মহিলাৰ ৰজোনিবৃতিৰ সময়ত হ’ব পৰা হাড়ৰ দুৰ্বলতা প্ৰতিৰোধ কৰে। বিশেষকৈ সৰিয়হৰ সেউজীয়া শাক সেই সময়ত খোৱা ভাল।
১১) তেজ বিশুদ্ধকৰণ।
১২) ড্ৰাগছৰ বিষক্ৰিয়া কমাবলৈ প্ৰয়োগ।
১৩) মদৰ অপকাৰিতা-নিচা কমাবলৈ।
১৪) দৃষ্টিশক্তিৰ উন্নতি সাধন- ভিটামিন-এৰ দ্বাৰা।
১৫ এণ্টিফাংগেল- ৰিং ৱৰ্মত লগালে উপশম পায়।
১৬) বাৰ্ধক্য ৰোধক- শৰীৰৰ অহিতকাৰী ফ্ৰি-ৰেডিকেল কমোৱাৰ ক্ষমতাৰ বাবে।
১৭) বাত বিষৰ চিকিৎসা- চেলেনিয়াম, মেগনেছিয়ামৰ এণ্টি-ইনফ্ৰেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ।
১৮) পাইল্ছ, শৌচ কচা আদিৰ চিকিৎসাত উপযোগী।
১৯) ইমিউনিটি- এণ্টি-অক্সিডেণ্ট আৰু ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায়।
২০) উচ্চ ৰক্তচাপত- সৰিয়হত থকা তত্ত্বসমূহে তেজৰ প্ৰবাহ সুচল ৰাখে। ৰক্তনলীত চৰ্বি জমা হ’ব নিদিয়ে। ভিটামিন-ই আৰু আন এণ্টি-অক্সিডেণ্টে অপকাৰী ফ্ৰি-ৰেডিকেলছৰ পৰা শৰীৰক মুক্ত কৰি ৰাখে। সৰিয়হত থকা প’টেয়িছামে হৃদগতি স্থিৰ ৰাখে। এইদৰে বহুমূখী ক্ৰিয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সৰিয়হ সহায়ক সিদ্ধ হৈছে।
২১) সংক্ৰমণৰোধক।
২২) গা ধুবৰ সময়ত ছালত ঘঁহিবলৈ, দুৰ্গন্ধ বিনাশক হিচাপেও ব্যৱহৃত হয়।
২৩) সুনিদ্ৰাত সহায়ক- মেগনেছিয়ামৰ উপস্থিতিত নিদ্ৰাহীনতা আঁতৰ হয়।
২৪) জ্বৰ, চৰ্দি, বিষ।
২৫) ৰক্তকণিকা নিৰ্মাণত সহায়ক- আইৰণ, ক’পাৰ আদিয়ে এনিমিয়া আঁতৰ কৰে।
২৬) হাড় শক্তিশালী কৰে- কেলছিয়াম আৰু আন খনিজৰ উপস্থিতিৰ বাবে।
সৰিয়হৰ পাৰ্শ্বক্ৰিয়াসমূহ হ’ল-
২) কিডনিৰ পাথৰৰ অসুখত ভোগা লোকে মিঠাতেল কমকৈ সেৱন কৰিব।
৩) মিঠাতেলত থকা অক্সালেটে কেলছিয়ামৰ মেটাবলিজিমত অহিতকাৰী প্ৰভাৱ পেলাব পাৰে।
৪) থায়ৰইড হৰমনৰ অসুখত ভোগা ব্যক্তিসকলে কেঁচা মিঠাতেল নাখাব। কেঁচা মিঠাতেলত গৰল কৰিব পৰা তত্ত্ব (Goitrogen) থাকিব পাৰে। মিঠাতেল তপতালে সেই অৱগুণ যায়।
৫) কম বা উচিত পৰিমাণত মিঠাতেল গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে হিতকাৰী। কিন্তু অত্যধিক মাত্ৰাৰ সেৱনে গৰ্ভপাত পৰ্যন্ত কৰিব পাৰে।
(বিঃদ্ৰঃ ডঃ ভূপেন শইকীয়াৰ ফেচবুক পোষ্টৰ সম্পাদিত অংশ)