অজন্তা তালুকদাৰ
বোকাখাত : বৰ্তমানো ৰেড জ’নত থকা বোকাখাত মহকুমাত কভিড আক্ৰান্ত লোকৰ সংখ্যা আজি ৩৮ জন। পজিটিভিটিৰ হাৰ যোৱা ছয়দিনৰ ক্ৰমে ১৮.১২, ৬.১৫, ২.৪৬, ২.১১, ২.৪৪ আৰু ৩.৪৮ আছিল যদিও আজি ৭.০২ লৈ বৃদ্ধি হৈ মহকুমাটোত কভিডক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে। আজি ৰেট আৰু আৰ টি পি চি আৰ লৈ মুঠ পৰীক্ষা ৫৪১ জনৰ কৰা হৈছিল আৰু তাৰে ৩৮ জনৰ পজিটিভ ধৰা পৰে। বোকাখাত মহকুমাৰ বৰ্তমানো ৫টা অঞ্চল কণ্টেইনমেন্ট জ’ন হৈ আছে ।
বৰ্তমানলৈকে ৩১ জন ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে বহিঃৰাজ্যত থকা মহকুমাটোৰ ৪ জন লোকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ কভিডৰ দ্বিতীয়টো লহৰত মহকুমাটোত মুঠ ৰেট টেষ্টত ৭১,১৩১ আৰু আৰ টি পি চি আৰ ৫,৭৯৬ জনৰ, মুঠতে ৭৬,৯২৭ জনৰ কভিড পৰীক্ষা কৰা হৈছে ৷ মহকুমাটোৰ মুঠ আক্ৰান্ত লোকৰ সংখ্যা ৪,৫১৩।
উল্লেখ্য যে মহকুমাটোৰ বহু কেইটা স্থানৰ চুবুৰী বা গাঁৱৰ সৰহসংখ্যক কভিড পজিটিভ ওলাইছিল আৰু বৰ্তমান সেইসমূহ কণ্টেইনমেন্ট জ’ন হৈ আছে। আজি বোকাখাতত ৪৫ বছৰৰ উৰ্ধৰ ২৫ জনক আৰু ১৮ বছৰৰ উৰ্ধৰ ৮৫ জনক ধৰি মুঠ ১১০ জনক ভেকচিন প্ৰদান কৰা হয়।