স্বাস্থ্য প্ৰতিবেদন:
আমাৰ হাতৰ ওচৰতে এনে বহু বস্তু থাকে, যাক হয়তো আমি বহু সময়ত গুৰুত্ব দি ভাবি চোৱা নাই৷ অথচ সস্তাতে পুষ্টি যোগানত সেইবোৰৰ বিকল্প নাথাকে। তেনে একোটা বস্তুৰ পৰা যে শৰীৰৰ কিমান সমস্যা একে কোবে কমি যাব পাৰে, বহুতৰেই ধাৰণা নাই।
সেয়ে এতিয়াৰ পৰা সম্পূৰ্ণ সাতদিন ডাব খাওক, দিনে দুটাকৈ। আৰু সাতদিনৰ পিছত তুলনা কৰি চাওক, এই যাদু আপোনাৰ সৈতেও ঘটিছেনে নাই।
হজমৰ সমস্যা কম-বেছি সকলোৰেই থাকে। সেয়ে হজমৰ ক্ষমতা ঠিক ৰাখিবলৈ ঔষধৰ আশ্রয় ল’বলগা হয়। কিন্তু হজমৰ সমস্যা সমাধান কৰাৰ বাবে ডাব গুৰুত্বপূৰ্ণ ঔষধ।
ইয়াত প্রচুৰ পৰিমাণে পটাছিয়াম, ছ’ডিয়াম আছে। সেয়ে শৰীৰত এইবোৰ খনিজৰ অভাৱ দূৰ কৰিব পাৰে ডাবৰ পানীয়ে।
থাইৰয়েড হৰমোনৰ উৎপাদনত ডাবৰ পানীৰ গুৰুত্বপূৰ্ণ অৱদান আছে। সেয়ে থাইৰয়েডৰ সমস্যাত ভোগাসকলে ডাব নিশ্চিতভাৱে খাওক। লগতে বাকীসকলেও এই ডাব খাদ্য তালিকাত ৰাখক।
শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ডাবে। সেয়ে বর্তমান শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰিবলৈ ডাবৰ ভূমিকা কিমান যে গুৰুত্বপূর্ণ সেয়া যিকোনো ডায়েটিচিয়ানেই বুজাই দিব পাৰে।
কাৰোবাৰ যদি নিম্ন ৰক্তচাপৰ সমস্যা আছে তেতিয়াহ’লে অৱশ্যেই ডাব খাওক। ডাবৰ পানী খোৱাৰ ফলত ৰক্তচাপ স্বাভাৱিক হৈ থাকিব।