নিউজ ডেস্কঃ
পাৰমাণৱিক ক্ষেপণাস্ত্রত ভাৰতৰ নতুন ক্ষেপণাস্ত্ৰ অগ্নি-পিৰ সফল পৰীক্ষা হৈ গ’ল সোমবাৰে। আজি ওড়িশাৰ উপকূলৰ পৰা পুৱা ১০.৫৫ বজাত উৎক্ষেপণ কৰা হয় ক্ষেপণাস্ত্রটি৷ ডিআৰডিওৰ সূত্ৰত এই কথা প্ৰকাশ।
ডিআৰডিওই জনোৱা মতে, এই ক্ষেপণাস্ত্ৰ অতি সহজেই বহনযোগ্য, ফলত সশস্ত্র বাহিনীয়ে যিকোনো স্থানৰ পৰা ইয়াৰ ব্যৱহাৰ কৰিব পাৰিব। আজিৰ পৰীক্ষামূলক উৎক্ষেপণ সম্পূৰ্ণ সফল বুলি জানিব পৰা গৈছে।
অগ্নি ছিৰিজৰ নতুন এই মিছাইলৰ নাম ৰখা হৈছে অগ্নি প্রাইম বা সংক্ষেপে অগ্নি-পি। আজিৰ পৰীক্ষাৰ সময়ত বিভিন্ন স্থানত ৰাডাৰ ষ্টেচন আৰু টেলিমেট্রি স্থাপন কৰা হৈছিল। মিছাইলে কিমান নিখুঁতভাবে লক্ষ্যবস্তুৰ দিশে আগবাঢ়িছে আৰু কিমান নিখুঁতভাবে লক্ষ্যবস্তুত আঘাত কৰিব পাৰিছে সেয়া চোৱাই আছিল এই ৰাডাৰবোৰৰ কাম।
উল্লেখ্য, মিছাইলটিৰ ৰেঞ্জ ১০০০ কিঃমিঃৰ পৰা ২০০০ কিঃমিঃ। একে শ্রেণীৰ অন্য ক্ষেপণাস্ত্রৰ তুলনাত সৰু আৰু পাতল। ইয়াৰ প্রযুক্তিও নতুন বুলি জনাইছে ডিআৰডিওই।