ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : বিগত নিৰ্বাচনত ক্ৰমাগত দ্বিতীয়টো কাৰ্যকালৰ বাবে বিপুল ভোটেৰে নিৰ্বাচিত হোৱা অগপ সভাপতি, বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাক আজি বোকাখাত অগপ কাৰ্যালয়ত বিপুল ভাৱে সম্বৰ্ধনা জনোৱা হয়।
বোকাখাত বিধান সভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে অসম বিধান সভালৈ নিৰ্বাচিত হোৱাৰ পাছত দেওবাৰে অগপ বোকাখাত জিলা সমিতিৰ বোকাখাত বিধান পৰিষদৰ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে প্ৰবেশ কৰে কৃষিমন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা ৷ বিধায়ক তথা মন্ত্ৰীগৰাকীৰ আগমণত উৎফুল্লিত হৈ পৰে দলীয় সতীৰ্থসকল ৷
মন্ত্ৰীগৰাকীৰ আগমণৰ লগে লগে খোলবাদ্যৰে আদৰণি জনাই বিধান পৰিষদৰ কাৰ্যালয়লৈ আদৰি নিয়ে। কভিডৰ প্ৰটকল মানি বোকাখাত জিলা অগপ সভাপতি জগত কলিতাৰ উপস্থিতিত, সম্পাদক উৎপল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত স্থানীয় বিধায়ক গৰাকীক বোকাখাত বিধান পৰিষদ, যুৱ পৰিষদ, মহিলা পৰিষদ, চাহ কোষ, ২০ খন পঞ্চায়তৰ আঞ্চলিক পৰিষদ আৰু বিভিন্নজনে গামোচা,চেলেং, বৃহদাকাৰ কাঠৰ হাতী, অভিনন্দন পত্ৰৰে অগপ সমষ্টি কমিটিয়ে সম্বৰ্ধনা জনায়।
বিধায়ক গৰাকীক বোকাখাত অগপৰ ছাত্ৰ সংগঠন,সকলো ভাতৃ-ভগ্নী সংগঠন, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘকে ধৰি অৰ্ধশতাধিক দল সংগঠনেও সম্বৰ্ধনা জনায়। মন্ত্ৰীগৰাকীৰ নেতৃত্বত বোকাখাত সমষ্টিয়ে আৰু এক নতুন মাত্ৰা বহন কৰি উন্নয়ণৰ দিশত আৰু এখোজ আগুৱাই যাব বুলি বিশ্বাসী বিধান পৰিষদৰ সভাপতি জগত চন্দ্ৰ কলিতা ৷
নিৰ্বাচনী ফলাফলৰ পাছতে চৰকাৰ গঠন, তাৰ পাছতে বিধান সভাৰ অধিৱেশন, মন্ত্ৰী হিচাপে ৰাজ্যৰ বিভিন্ন স্থানত সমস্যা সমাধানৰ লগতে কভিড পৰিস্থিতি কিছু উন্নত হোৱালৈ অপেক্ষা কৰাৰ বাবেই সমষ্টিৰ দলীয় কৰ্মীক সময় দিব পৰা নাছিল বিধায়ক তথা মন্ত্ৰী বৰাই।