নিউজ ডেস্কঃ
১৩ জুনত বিবাহ বন্ধনত সোমাবলৈ আগবাঢ়িছে মমতা বেনার্জী। পাত্রৰ নাম এ এম ছচিয়েলিজম। হয়, ঠিকেই শুনিছে। আৰু এই খবৰ ভাইৰেল হোৱাৰ লগে লগেই ছচিয়েল মিডিয়াত ধুমুহা আৰম্ভ হৈছে। পিছে ৰ’ব ভুল নকৰিবষ আমি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিয়াৰ কথা কোৱা নাই৷ এই বিয়াৰ আঁৰত আছে আন এক কাহিনীহে। তামিলনাডুৰ দুই যুৱক-যুৱতীয়ে বিবাহ পাশত আবদ্ধ হ’বলৈ আগবাঢ়িছে। পাত্র ছচিয়েলিজমৰ পিতৃ এ মহানে জনায়, তেওঁৰ তিনি পুত্ৰ কমিউনিজম, লেনিনিজম আৰু ছচিয়েলিজম। তেওঁ লগতে জনায়, তেওঁ ঘোৰ কমিউনিজমত বিশ্বাসী।
আনহাতে, কইনাৰ পিতৃয়ে জনোৱা মতে মমতা বেনার্জীৰ ককাক এজন কংগ্রেছ নেতা আৰু তেওঁৰ মমতাৰ কাম-কাজত অনুপ্রাণিত হৈয়ে তেওঁৰ নাতিনীৰ নাম ৰাখিছিল মমতা বেনার্জী। দৰাৰ পিতৃয়ে লগতে জনায়, ‘আমি সকলোৱেই বিচাৰো আমাৰ ল’ৰা-ছোৱালীহঁতেও ভৱিষ্যতে আমাৰ দর্শন পালন কৰিব আৰু ভৱিষ্যতে যদি নাতিনী পুত্ৰ সন্তান হয় তেওঁৰ নাম ৰাখিব মার্কছিজম আৰু কন্যা সন্তান হ’লে নাম ৰাখিব কিউবিজম।’