বিশেষ প্ৰতিবেদন:
‘ৱর্ক ফ্রম হোম’ৰ কাৰণে ঘৰতে থাকিও যেন সময় নাই বেছিভাগ মানুহৰেই। সমগ্ৰ শৰীৰত বিষৰ সমস্যাও বাঢ়িছে। এফালে বহু ফ্লেট বা ঘৰলৈ এতিয়া পৰিচাৰিকা অহা নাই, সেয়ে ঘৰৰ সকলো কাম নিজেই কৰিবলগা হৈছে৷ সমানাধিকাৰৰ যুগতো ঘৰৰ সকলো কাম মহিলাসকলেই কৰিবলগা হৈছে।
সেয়ে নিজৰ যত্ন ল’বলৈ মাজে মাজে স্পা কৰিব পাৰে। ইয়াত মনো ভালে থাকে, শৰীৰো সতেজ হৈ উঠে। স্পা কিন্তু মহিলা আৰু পুৰুষ উভয়েই কৰিব পাৰে। নতুন স্বাভাৱিক জীৱনত মানসিক চাপ বাঢ়িছে বহুখিনিয়েই। সেই চাপ কমাবলৈও পার্লাৰৰ দৰে ‘ৰিলেক্সিং স্পা’ কৰিব পাৰে ঘৰতেই।
ঘৰতেই লাভ কৰিব স্পাৰ আৰাম
• আধা বাল্টি কিছু গৰম পানীত এক চামুচ বাথ ছল্ট বা নাথাকিলে এক চামুচ নিমখ দি ভৰি ডুবাই বহি থাককক ১০-১৫ মিনিট৷ সমগ্ৰ দিন খোজকাঢ়ি, বহি, হাউলি হাজাৰ কাম কৰি ভৰিত যি বিষ হয় তাত অলপ হ’লেও প্ৰভাৱ পৰিব৷
• ইচ্ছা থাকিলে চাবোন আৰু ব্রাছেৰে ঘঁহি ভৰি অলপ পৰিষ্কাৰো কৰি ল’ব পাৰে৷ বিষৰ স্থানবোৰত মিহিকৈ মাছাজ কৰিব পাৰে।
• বাথটাব থাকিলেতো কথাই নাই, গৰম পানীত ‘ফোম বাথ’ ল’ব পাৰিব। নহ’লে গৰম পানী ঢালি স্নান কৰক৷ শৰীৰৰ সকলো পেশী-সন্ধি ‘ৰিলেক্সড’ হ’ব।
• বহি কাম কৰাৰ বাবে পিঠি আৰু কঁকালত বিষ হ’লে সেইবোৰ স্থানেৰে গৰম পানী বৈ যাবলৈ দিয় অলপ বেছি সময় ধৰি৷ বিষ বহুখিনি কমিব৷ সুগন্ধি চাবোন ঘঁহি গা পৰিষ্কাৰ কৰিব লাগিব। মৃত কোষ জীৱন্ত হৈ উঠিব। ছাল চিকচিকীয়া হৈ উঠিব৷ সুগন্ধিত মনো সতেজ হৈ উঠিব।
• বাল্টিৰ পানীত সুগন্ধি ‘বাথ ছল্ট’ মিহলাইও ব্যৱহাৰ কৰিব পাৰে। নাথাকিলে সাধাৰণ নিমখ মিহলাই লওক। খহখহীয়া ছালত পানী বেছ সময় ধৰি ৰখাত নিমখৰ ভূমিকা আছে।
• বহুতে পানীত সুগন্ধি ‘এছেনচিয়েল অইল’ মিহলাই ল’বলৈ পছন্দ কৰে৷ নাথাকিলে দুই ফোটা কোলনো মিহলাই ল’ব পাৰে৷ যথেষ্ট সতেজ লাগিব।
• পৰিষ্কাৰ নৰম টাৱেলেৰে গা মচি ক্রিম বা ময়শ্চাৰাইজাৰ লগাওক ভালদৰে ঘঁহি ঘঁহি। মাছাজৰ আৰাম যেনেদৰে পাব, তেনেদৰে ছালো হ’ব নৰম।
• ঢিলা কটনৰ পোছাক পিন্ধি শুই পৰক। চকু-মুখত ঢাকি দিয়ক ঠাণ্ডা গোলাপ জলত ভিজোৱা তুলা। গৰম হৈ গ’লে পুনৰ ভিজাই লওক৷ ৫-১০ মিনিট শুই থাকক।
• ইচ্ছা হ’লে ফ্রিজত ৰখা ঠাণ্ডা তিয়ঁহৰ ৰস মুখত লগাই ৰাখক কিছু সময়। শুকাই গ’লে ধুই লওক ঠাণ্ডা পানীৰে। ছাল শুকান লাগিলে অলপ ময়শ্চাৰাইজাৰ লগাই ল’ব পাৰে।
• ইয়াৰ পিছত অলপ টোপনি মাৰক নহ’লে পছন্দৰ পানীয় বা ফলৰ ৰসত চুমুক দি কিতাপ পঢ়ক বা গান শুনক৷ বছ, হৈ গ’ল৷
সেয়ে চিন্তাৰ কোনো কাৰণ নাই৷ কৰোনাৰ সময়তো ঘৰতেই মন ভালে ৰাখিব পাৰিব এই স্পাৰ যোগেদি৷