নতুন দিল্লীঃ ৭ ছেপ্টেম্বৰৰ দিনটোতে এক বিৰল ইতিহাসৰ গৰাকী হ’ব ভাৰত। কিয়নো শুকুৰবাৰে নিশা ভাৰতৰ চন্দ্ৰ অভিযান ‘চন্দ্ৰযান-২’এ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত পদাৰ্পণ কৰিবগৈ।
এই কাৰণেই ইয়াক বিৰল ইতিহাস বুলি কোৱা হৈছে, কিয়নো চন্দ্ৰৰ এই অংশত কোনো দেশে অদ্যপি অভিযান চলোৱা নাই। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা ১.৩০ বজাৰপৰা ২.৩০ বজাৰ ভিতৰত লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিব।
গত ২২ জুলাইত যাত্ৰা আৰম্ভ কৰিছিল এই ‘চন্দ্ৰযান-২’এ। ইতিমধ্যে বিশ্বৰ সকলো দেশে ভাৰতৰ এই মহাকাশ অভিযানলৈ ৰ লাগি চাই আছে।