গুৱাহাটীঃ আগন্তুক লোকপিয়লত অন্তৰ্ভুক্ত নহয় অসম। গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনস্থ নাগৰিক পঞ্জীৰ মহা পঞ্জীয়কে জাৰি কৰা এখন ৰাজপত্ৰিত জাননীত এই কথা প্ৰকাশ পাইছে। উল্লেখ্য যে দেশৰ বাকীবোৰ ৰাজ্যত ২০২০ চনৰ ১ এপ্ৰিলৰপৰা ৩০ ছেপ্টেম্বৰলৈ উক্ত প্ৰক্ৰিয়া চলিব।
নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ জাৰি) অধিনিয়ম, ২০০৩ৰ বিধি ৩ আৰু উপ বিধি ৪ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে জনসংখ্যা পঞ্জী প্ৰস্তুত কৰে।
এই অধিনিয়মৰ দফা ৪ (এ) অনুসৰি অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত নাগৰিকৰপৰা আবেদন পত্ৰৰ যোগেদি ব্যক্তি আৰু পৰিয়ালৰ তথ্য সংগ্ৰহ কৰা হৈছে, সেয়ে দফা ৪ৰ অধীনত দেশৰ আন ৰাজ্যত হ’ব লগীয়া ঘৰে-ঘৰে গৈ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াত অসম অন্তৰ্ভুক্ত নহয়।
অসমৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত পৃথক ৰাজপত্ৰিত জাননীৰ যোগেদি এই প্ৰক্ৰিয়া আৰম্ভ কৰিব মহা পঞ্জীয়কে।