ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যখনৰ বিভিন্ন প্রান্তত শেহতায়াকৈ অতি উদ্বেগজনকভাবে বৃদ্ধি পাবলে ধৰিছে কিশোৰীৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা। যোৱা কেইটামান দিনৰ ভিতৰতে ৰাজ্যখনত কেইবাটাও এনে ঘটনা সংঘটিত হোৱা কাৰ্যই সচেতন মহলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ শেহতীয়াকৈ ৰহাত চুমিলা ৰংহাঙপী নামৰ কিশোৰীগৰাকীক জ্বলাই হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি কাৰ্বি আংলং জিলাত সৃষ্টি হোৱা প্রতিবাদৰ ঢৌ আজিও অব্যাহত আছে। জিলাখনৰ লৰিনথেপিত আজি চুমিলা হত্যাৰ প্ৰতিবাদত এক বিশাল প্রতিবাদী সমদল উলিয়াই কিশোৰীগৰাকীৰ নির্মম হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে।
আজি বিয়লি কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বত চেন্টাৰৰ পৰা উলিওৱা এক বিশাল প্রতিবাদত কমেও হাজাৰোধিক প্রতিবাদকাৰীয়ে অংশগ্রহণ কৰে৷ ছাত্র কর্মীসকলে হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লে-কার্ড প্রদর্শন কৰি ৰহাৰ চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ঘটনাৰ লগতে অলপতে গোগামুখত পোন্ধৰটাকৈ নৰপিশাচে এগৰাকী ন-বছৰীয়া শিশুক ধর্ষণ কৰি নিহত কৰাৰ দৰে নাৰকীয় ঘটনাৰ বিৰুদ্ধেও তীব্র ক্ষোভ প্রকাশ কৰি প্রতিবাদ সাব্যস্ত কৰে। চেন্টাৰৰ পৰা উত্তৰ বৰবিল উপ-আৰক্ষী চকীলৈকে পদব্রজে সমদল কৰি যোৱা প্রতিবাদকাৰী ছাত্ৰ কৰ্মীসকলে ধর্ষণকাৰীক ফাঁচী দিয়ক’, ‘উই ৱান্ট জাষ্টিছ’, ‘ন’ জাষ্টিছ ন ৰেষ্ট’, ‘আমাৰ দাবী পূৰণ কৰক’, কে এছ এ লং লীভ’, দীপশিখাৰ হত্যাকাৰীক ফাঁচী দিয়ক, ‘চুমিলা ৰংহাংপীৰ হত্যাকাৰীক ফাঁছী দিয়ক’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
একাংশ যুৱ প্রতিবাদকাৰীয়ে অর্ধ উলংগ প্রতিবাদ সাব্যস্ত কৰি ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা কিশোৰী ধর্ষণৰ ঘটনাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে উদং দেহত বিভিন্ন শ্ল’গান অংকন কৰি প্ৰতিবাদত অংশ লোৱা দেখিবলৈ পোৱা যায়। সমদলৰ অন্তত প্রতিবাদকাৰীসকলে উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে নগাঁও জিলাৰ উপায়ুক্তলৈ এখনি স্মাৰক-পত্র প্রেৰণ কৰে। স্মাৰক-পত্রযোগে ছাত্র সংগঠনটোবে চুমিলা ৰংহাংপীৰ হত্যাকাণ্ড ঘটনাৰ ন্যায় প্রদানৰ দাবী জনাই উক্ত হত্যাকাণ্ডৰ ঘটনাক ফাষ্টট্রেক আদালতৰ জৰিয়তে বিচাৰ কৰি দোষীক ফাঁচি দিয়াৰ দাবী জনায়। লগতে, এনে নৃশংস হত্যাকাণ্ডৰ বলি হোৱা কিশোৰীগৰাকীৰ পৰিয়ালক কমেও বিশ লাখ টকাৰ ক্ষতিপূৰণ প্রদান, ৰহাত চুমিলা ৰংহাংপীয়ে অধ্যয়ন কৰা বিদ্যালয়ৰ সন্মুখত চুমিলা ৰংহাংপীৰ প্রতিমূর্তি স্থাপন, বৈঠালাংছ’ৰ চুমিলা ৰংহাংপীৰ জন্মস্থানত চুমিলা ৰংহাংপীৰ সোঁৱৰণত বিদ্যালয় স্থাপনৰ দাবী জনায়। চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ন্যায় প্রদান প্রক্রিয়াত বিলম্ব হোৱাৰ অভিযোগ কৰি বেটী বচাও, বেটী পঢ়াও’ শ্লগান আওৰোৱাৰ লগতে চৰকাৰৰ হাতত দেশৰ বেটীসকল নিৰাপদ নহয় বুলি ক্ষোভ প্রকাশ কৰে।
অলপতে গোগামূখত দীপশিখা শইকীয়া নামৰ এগৰাকী ন বছৰীয়া কিশোৰীকো পোন্ধৰজনীয়া এটা দুর্বত্তৰ দলে ধর্ষণ কৰি হত্যা কৰাৰ ঘঠনাকো তীব্র প্রতিক্রিয়া প্রকাশ কৰি ছাত্র সংগঠনটোৱে এইসকল দোষীক ফাঁচী নিদিয়া পর্যন্ত কাৰ্বি ছাত্ৰ সন্থাই প্রতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে।