স্বাস্থ্য প্ৰতিবেদন:
লঙত এনে বহু ঔষধি গুণ আছে, যিয়ে আমাৰ খাদ্যক সুস্বাদু কৰাৰ লগতে আমাত দেহৰ বাবেও উপকাৰী কৰি তোলে।
দুটি লং গ্ৰহণৰ ফলত আমাৰ ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলে। লঙে আমাৰ দেহত শ্বেত ৰক্তকণিকা সৃষ্টি কৰাত সহায় কৰে যিয়ে আমাৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰে। বিশেষকৈ কৰোনা মহামাৰিৰ যুগত লং খোৱাটো আমাৰ বাবে যথেষ্ট উপকাৰী।
২. হাড়ৰ বাবে উপকাৰী :
ফ্লেভোনয়েডছ, মেঙ্গানিজ আৰু ইউজেনল জাতীয় উপাদানবোৰ লঙত আছে যিবোৰ হাড়ৰ বাবে উপকাৰী। ইয়াৰ উপৰি মেঙ্গানিজ আমাৰ মস্তিষ্কৰ বাবেও উপকাৰো।এন্টি-বেক্টেৰিয়েল উপাদানবোৰ লঙতো পোৱা যায়, যিয়ে সংক্রমণৰ সৈতে যুঁজ কৰাৰ শৰীৰৰ ক্ষমতা উন্নত কৰে।
কেন্সাৰৰ পৰা ৰক্ষা কৰে :
গৱেষণাযত দেখা গৈছে যে লঙে শৰীৰকে কেন্সাৰৰ পৰা ৰক্ষা কৰে আৰু দেহত কেন্সাৰ কোষ গঠনত বাধা দিয়ে। বিশেষকৈ হাওঁফাওঁৰ কেন্সাৰ, স্তন কেন্সাৰ আৰু ডিম্বাশয়ৰ কেন্সাৰত পৰা ৰক্ষা কৰে।
হজম ক্ষমতা উন্নত কৰে :
লঙে আমাৰ দেহত হজম এনজাইমৰ পৰিমাণ বৃদ্ধি কৰি তোলে। যাৰ কাৰণে আমাৰ হজম ব্যৱস্থা সঠিক থাকে। গৱেষণাত প্ৰকাশ পাইছে যে লং ব্যৱহাৰে আমাৰ পেটৰ আলছাৰো নিৰাময় কৰিব পাৰে। ইয়াৰ লগতে গেছ, বদহজম ইত্যাদিৰ সমস্যাও লং ব্যৱহাৰে ভাল কৰে।