ষ্টাফ ৰিপ’ৰ্টাৰ:
যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৭০গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ আনহাতে ৰাজ্যত ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৬০ জনকৈ ব্যক্তি ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৭৪০ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৬২৭ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫৬৫৭ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১১০৯ গৰাকীলৈ বৃদ্ধি পালে।