স্বাস্থ্য প্ৰতিবেদন:
প্রটিন আমাৰ দেহৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ আৰু মচুৰ দাইলৰ পৰা পর্যাপ্ত পৰিমামে এই প্রটিন পোৱা যায়। এনেকুৱা বহুতেই আছে যিসকলৰ পাতত দাইল নথাকা পর্যন্ত খাদ্য অসম্পূর্ণ বুলি ভাবে। বেছিভাগ ঘৰতে প্রতিদিনে দাইল আৰু পাচলি ৰন্ধা হয় শৰীৰৰ পুষ্টিগুণ বজায় ৰাখিবলৈ।
শীত, গ্রীষ্ম বা বৰ্ষা যিয়েই নহওক কিয়, প্রতি ঋতুতে কোনো নহয় কোনোবিধ দাইল থাকে। সকলো দাইলই স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু ঋতু অনুসৰি কিছু দাইল খালে তাৰ উপকাৰ দুগুণ হয়।
আপুনি যদি মুগ আৰু মচুৰ দাইল মিহলাই খায় তেতিয়া এইটো আৰু উপকাৰী। মুগ আৰু মচুৰ মিশ্রিত দাইল হজমৰ বাবে খুব উপকাৰী। যিটো কাৰণত অসুস্থ অৱস্থাতো চিকিৎসকসকলে এই দুবিধ দাইল মিহলাই খোৱাৰ পৰামর্শ দিয়ে। এই দাইলক আয়ুর্বেদত উপকাৰী বুলি কোৱা হয়।
সেয়ে জানি লওক মুগ আৰু মচুৰ দাইল খোৱাৰ উপকাৰিতাসমূহ:
গ্রীষ্মত শীতল প্রভাৱযুক্ত আৰু শীতকালত উষ্ণ প্রভাৱযুক্ত খাদ্যবোৰ খোৱাৰ পৰামর্শ দিয়া হয়। আপুনি বিচাৰিলে এই দাইলবোৰো ঋতু অনুসৰি পৃথক কৰিব পাৰে। মুগ দাইলৰ প্রভাৱ শীতল আৰু মচুৰ দাইলৰ প্রভাৱ গৰম। সেয়ে বর্ষা ঋতুত এই দুবিধ দাইল মিশ্রিত কৰাৰ পৰামর্শ দিয়ে পুষ্টিবিদসকলে।
স্বাস্থ্য আৰু সুস্থ থকাৰ বাবে বাবে প্রটিন অত্যন্ত গুৰুত্বপূর্ণ। এইবোৰৰ উপৰি প্রটিনে আমাৰ চুলি, নখ আৰু শৰীৰ নতুন কোষ সৃষ্টি কৰাৰ কাম কৰে। এই কাৰণেই কোৱা হয় যে প্রতিদিনে দাইল খোৱা উচিত। মুগ-মচুৰ দাইলৰ মিশ্রণে আপোনাৰ শৰীৰত প্রটিনৰ প্রয়োজনীয়তাও পূৰণ কৰে। শিশু আৰু বৃদ্ধসকলৰ বাবেও মুগ আৰু মচুৰ মিশ্রিত দাইল খুব উপকাৰী। সপ্তাহত ৪ৰ পৰা ৫ বাৰ এই মিশ্রিত দাইল খালে বহু জটিল সমস্যাৰ পৰা মুক্তি পোৱা যায়।
এই মিশ্রিত দাইল খালে শৰীৰত কলেষ্টেৰল হ্রাস পায়, ডায়েবেটিছৰ সম্ভাৱনীয়তাও হ্রাস পায়। এই মিশ্ৰিত দাইল কম ফেটযুক্ত এটি ভাল উৎস যিয়ে হৃদৰোগৰ দৰে সমস্যাক দূৰৈত ৰাখে।
এই দাইলত প্রচুৰ পৰিমাণে ফাইবাৰ থাকে যিয়ে দেহৰ বেয়া কলেষ্টেৰল হ্রাস কৰে আৰু হৃদৰোগক হ্রাস কৰে। ইয়াৰ উপৰি এই দাইলত আছে প্রচুৰ পৰিমাণে আয়ৰন আৰু জিংক, যিয়ে আপোনাৰ দেহত ৰক্ত বৃদ্ধিৰো কাম কৰে আৰু পেশী মজবুত ৰাখে।
দাইলবোৰ উচ্চ প্রটিনৰ উৎস কাৰণে হজম কৰা সহজ নহয়। এই কাৰণে দিনৰ ভাগত দাইল খোৱাৰ পৰামর্শ দিয়া হয়। পেটত সমস্যা থাকিলেও মুগ আৰু মচুৰ খোৱাৰ পৰামর্শ দিয়া হয়। বমি ভাব, ডায়েৰিয়া, পেটৰ বিষ, কোষ্ঠকাঠিন্য, অৱসাদ, গেছ, পেট পোৰা জাতীয় সমস্যা হজমৰ কাৰণে হয়। এনে পৰিস্থিতিত চিকিৎসকে অলপকৈ মুগ-মচুৰৰ দাইল খোৱাৰ পৰামর্শ দিয়ে।