বােকাখাত : আজি অনুষ্ঠিত হবলগীয়া প্রথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ৯৩নং বােকাখাত বিধান সভা সমষ্টিৰ ২১৬ টা ভােট গ্রহণ কেন্দ্রত ভােট গ্রহণৰ বাবে প্রিজাইডিং, পুলিং বিষয়া আৰু কৰ্তব্যৰত নিৰাপত্তাৰক্ষী সকল উপস্থিত হৈছে।
পুৱা ৭ বজাৰ পৰা বিয়লি ৬-০০ বজালৈকে হ’ব ভােট গ্রহণ। ২৬ টা ভোটগ্ৰহণ কেন্দ্রত থাকিব কেৱল মহিলা বিষয়া। পুৱা ৭ বজাৰ পৰা বিয়লি ৬ বজালৈকে সম্পূর্ণ কোভিড নীতি নির্দেশনা পালনৰ মাজেৰে নিজ নিজ ভােট গ্রহণ কেন্দ্রত ভােটাৰ ৰাইজে ভােটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।
জিলা নির্বাচনী বিষয়া তথা মহকুমাধিপতি বিপুল দাসে সকলাে ভােটাৰ ৰাইজকে ভাৰতৰ নিৰ্বাচনী আয়োগে প্ৰণয়ন কৰা কোভিড নীতি নির্দেশনা পালন কৰি এই গণতান্ত্রিক প্রক্রিয়াত অংশীদাৰ হৈ ভােটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।
বোকাখাত নিৰ্বাচনী জিলাত মুঠ ২৩৮ গৰাকী প্রিজাইডিং বিষয়া, ৭১৪ গৰাকী পুলিং বিষয়া, ২৪ গৰাকী মাইক্ৰ অবজাৰভাৰ নিযুক্তি দিয়া হৈছে।
উল্লেখযোগ্য যে, বোকাখাত নিৰ্বাচনী জিলাত মুঠ ২৬ টা ভোটগ্ৰহণ কেন্দ্র সম্পূর্ণৰূপে মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব।
এই ভোটগ্ৰহণ কেন্দ্র কেইটা হৈছে ৪১ নং ক’লাখোৱা এল পি (সোঁ কেন্দ্ৰ ), ৪২ নং অশোক হাজৰিকা এম ই ( বাওঁ কেন্দ্ৰ ), ৪৩ নং অশোক হাজৰিকা এম ই ( সোঁ কেন্দ্ৰ ), ৪৪ নং ক’লাখোৱা এল পি (বাওঁ কেন্দ্ৰ ), ৪৪ নং ( এ) ক’লাখোৱা এল পি (বাওঁ কেন্দ্ৰ ), ৪৮ নং বালিজান এম ই ( সোঁ কেন্দ্ৰ ),৪৯ নং বালিজান এম ই (বাওঁ কেন্দ্ৰ ), ৫০ নং বালিজান আদৰ্শ মিচিং গাওঁ এল.পি (সোঁ কেন্দ্ৰ ), ৫১ নং বালিজান আদৰ্শ মিচিং এল পি ( বাওঁ কেন্দ্ৰ ), ৫৮ নং নামদৈয়াং এল পি স্কুল ( সোঁ কেন্দ্ৰ ),৫৯ নং নামদৈয়াং এল পি স্কুল (বাওঁ কেন্দ্ৰ ), ৬০ নং মুংগীলাল কৃষ্ণা দেৱী এল পি ( সোঁ কেন্দ্ৰ ), ৬০ নং ( এ) মুংগীলাল কৃষ্ণা দেৱী এল পি ( সোঁ কেন্দ্ৰ ),৬১ নং মুংগীলাল কৃষ্ণা দেৱী এল পি ( বাওঁ কেন্দ্ৰ ), ৬১ নং (এ) মুংগীলাল কৃষ্ণা দেৱী এল পি ( বাওঁ কেন্দ্ৰ ),৬২ নং বোকাখত টাউন হিন্দী এল পি ( সোঁ কেন্দ্ৰ ), ৬৩ নং বোকাখত টাউন হিন্দী এল পি ( বাওঁ কেন্দ্ৰ ),৬৪ নং বোকাখাত টাউন এল পি, ৬৪ নং (এ) বোকাখাত টাউন এলপি, ৬৫ নং বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৬৭ নং পুৱ দ’ গাওঁ এল পি, ৬৮ নং বোকাখাত গাৰ্লচ হাইস্কুল ( সোঁ কেন্দ্ৰ ), ৮৪ নং জ্যোতিপুৰ এল পি ( সোঁ কেন্দ্ৰ ), ৮৫ নং জ্যোতিপুৰ এল পি ( বাওঁ কেন্দ্ৰ ), ৮৫ নং ( এ) জ্যোতিপুৰ এল পি ( বাওঁ কেন্দ্ৰ ), ৮৭ নং বোকাখাত টাউন হাইস্কুল।
আনহাতে, ২ টা ভােট গ্রহণ কেন্দ্র ক্ৰমান্বয়ে ৬২ নং বোকাখাত হিন্দী হাইস্কুল আৰু ৬৫ নং বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় ভােট গ্রহণ কেন্দ্র দুটা মডেল ভোটগ্ৰহণ কেন্দ্র হিচাপে গঠন কৰা হৈছে বুলি মহকুমা প্ৰশাসনৰ পৰা জানিব পৰা গৈছে।












