স্বাস্থ্য প্ৰতিবেদন:
বৰ্তমান চজিনাৰ বতৰ। ভাৰতৰ জীৱনধাৰা আৰু স্বাস্থ্য বিষয়ক ৱেবছাইট ব’ল্ডস্কাইৰ এক প্রতিবেদনত কোৱা হৈছে, চজিনা ভিটামিন আৰু মিনাৰেলৰ উৎকৃষ্ট উৎস। চজিনা, ফুল আৰু পাতে বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। জানো আহক চজিনাৰ উপকাৰিতা সম্পর্কে—
হাওঁফাওঁ ভালে ৰাখিবলৈ চজিনা খাব পাৰে। এন্টিঅক্সিডেন্ট আৰু খনিজযুক্ত চজিনাই হাওঁফাওঁ সুস্থ ৰাখে। সেয়ে যিসকলৰ হাওঁফাওঁৰ ৰোগ আছে, তেওঁলোকে সজিনা খাওক।
২. ৰক্ত পৰিষ্কাৰ কৰে:
চজিনাই আমাৰ ৰক্ত পৰিষ্কাৰ কৰাত সহায় কৰে। নিয়মিত চজিনা খালে ৰক্ত সঞ্চালন আৰু ভাল কৰাত সহায় কৰে।
৩. ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়:
চজিনাই ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে আৰু জ্বৰৰ সময়ত শৰীৰৰ তাপমাত্রা নিয়ন্ত্রণ কৰাতো সহায় কৰে।
৪. ৰক্তচাপ আৰু ডায়েবেটিছ :
চজিনাত প্রচুৰ পটাচিয়াম থকাত ই উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰাতো অতি কার্যকৰী। চজিনাত থকা বিভিন্ন ভিটামিন আৰু খনিজ ডায়াবেটিছত আক্রান্ত ৰোগীসকলৰ বাবে খুব উপকাৰী।
৫. হাড় মজবুত কৰে :
চডিনাত আয়ৰন, কেলচিয়াম আৰু প্রোটিন থাকে। সেয়ে হাড় মজবুত কৰাত আৰু বাত বিষ কমোৱাত চজিনা অতি উপকাৰী।
৬. শ্বাসকষ্ট কমায় :
শ্বাসকষ্টতো খুব উপকাৰী চজিনা। চজিনা খালে শ্বাসকষ্ট কমে। চজিনাত থকা এন্টিঅক্সিডেণ্টে এলার্জি প্রতিৰোধ কৰে, ফলত এলার্জিৰ কাৰণে যি শ্বাসকষ্ট হয় সেয়া দূৰ কৰে।