ষ্টাফ ৰিপ’ৰ্টাৰ:
শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত ক’ৰোনা সংক্ৰমণৰ হাৰ বৃদ পাইছে। ফলত পুনৰ লক্ডাউনৰ পৰিস্থিতি আহি পৰিছে ৷ যোৰহাটো এই ক্ষেত্ৰত পিছ পৰি থকা নাই।
আগন্তুক নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা যোৰহাটৰ সাংসদ তপন গগৈ আক্ৰান্ত হৈছে কোভিড-১৯ ৰোগত । এই কথা পোহৰলৈ আহে দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মোদীৰ সৈতে সভাত অংশগ্ৰহণ কৰিবলগীয়া বহু লোকৰ কোভিড-১৯ পৰীক্ষা কৰাৰ সময়ত । যদিও সাংসদগৰাকী লক্ষণবিহীন ক’ৰোনা ভাইৰাছত আক্ৰান্ত । সাংসদ গগৈৰ সংক্ৰমণৰ ঘটনাৰ পিছতে বহুলোক লক্ষণবিহীন কোভিড-১৯ত আক্ৰান্ত হৈ থকাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
চিন্তাৰ বিষয়টো হৈছে, ভেক্চিনক লৈ বহু উৰাবাতৰি বিয়পি পৰাৰ ফলত কোভিড-১৯ৰ ভেক্চিন প্ৰতি জনসাধাৰণৰ সঁহাৰি আশাব্যঞ্জক নহয়।একাংশ লোক ভেক্চিন লোৱাৰ পৰা বিৰত আছে ৷
ইয়াৰোপৰি, জনসাধাৰণে মাস্ক পৰিধান কৰিবলৈ বাদ দিয়াৰ লগতে হাত ধুই থকাৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থাসমূহো নোলোৱা হৈছে ৷ অচিৰেই ৰাইজ সজাগ হৈ নুঠিলে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আহি পৰিছে ।













