ষ্টাফ ৰিপ’ৰ্টাৰ:
বৃহস্পতিবাৰে ৰাজ্যত পুনৰ ক’ৰোনাত আক্ৰান্ত ১৪জনৰ মৃত্যু৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৩৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৯০৫জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৯৮ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫১৬০ গৰাকী ব্যক্তি।ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১১০০জন লোকৰ।












