ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি ৪২ নং পাটাছাৰকুছি বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷
সহস্ৰাধিক কৰ্মী-সমৰ্থকেৰে এক বৃহৎ সমদলেৰে গৈ মনোনয়ন দাখিল কৰে ৰঞ্জিত দাসে৷ মনোনয়ন দাখিলৰ সময়ত ৰঞ্জিত দাসক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, অসম চৰকাৰৰ মন্ত্ৰী তথা অগপ নেতা ফণীভূষণ চৌধুৰী, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, বিজেপি মহিলা মৰ্চা, অসম প্ৰদেশৰ সভানেত্ৰী অপৰাজিতা ভূঞাৰ লগতে বিজেপি আৰু মিত্ৰজোঁটৰ বিভিন্ন বিষয়ববীয়াই৷













