ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২২ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ১৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৭৮০ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৭২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫০৬৩ গৰাকী ব্যক্তি।আনহাতে শনিবাৰে এজনৰ মৃত্যু হোৱাৰ পাছত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমালৈ ১০৯৮জনলৈ বৃদ্ধি পাইছে।













